PersonalFinance : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মাহিলি ঋণৰ কিস্তি বেংক একাউণ্টৰ পৰা কটা নগ’লে ক্রেডিট স্ক’ৰ কমিব বুলি চিন্তিত হোৱাৰ প্ৰয়োজন নাই। একাউণ্টত পর্যাপ্ত ধন নথকা, বেংকৰ কাৰিকৰী সমস্যাকে ধৰি বিভিন্ন কাৰণত কেতিয়াবা কিস্তি স্বয়ংক্রিয়ভাৱে কটা নাযাব পাৰে। এনে পৰিস্থিতিত প্রথমে কাৰণটো জানি লৈ বকেয়া ধন যিমান সোনকালে সম্ভৱ পৰিশোধ কৰাটো উচিত।
এবাৰ কিস্তি বাউন্স হ’লেই যে ঋণৰ পৰিমাণ বৃদ্ধি পাব বা ক্রেডিট স্ক’ৰ কমি যাব, তেনে নহয়। কিস্তি দীর্ঘদিন ধৰি বকেয়া হৈ থাকিলে আৰু তথ্য সংৰক্ষণ কৰা সংস্থাক জনালেহে ক্রেডিট স্ক’ৰত ঋণদাতা প্রতিষ্ঠানে সেই তথ্য ঋণৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে।
বাউন্স হ’লে অতিৰিক্ত মাচুল ঋণৰ চুক্তি আৰু বেংকৰ নিয়ম অনুসৰি কিস্তি বাউন্স হ’লে অতিৰিক্ত মাচুল দিবলগীয়া হ’ব পাৰে। বকেয়া ধনৰ ওপৰত সুতো প্রযোজ্য হ’ব পাৰে।
কিমান দিন বাকেয়া থাকিলে সমস্যা ?
এটা কিস্তি বাউন্স হ’লেই ঋণ অনাদায়ী সম্পদ হিচাপে গণ্য নহয়। সাধাৰণতে ঋণৰ মূলধন বা সুত ৯০ দিনতকৈ অধিক সময় বকেয়া হৈ থাকিলে সেই ঋণক অনাদায়ী সম্পদ হিচাপে গণ্য কৰা হয়।
ভাৰতীয় ৰিজার্ভ বেংকৰ নিয়ম অনুসৰি, ঋণদাতা প্রতিষ্ঠানে দণ্ডমূলক মাচুলৰ পৰিমাণ আৰু কিয় সেই মাচুল লোৱা হৈছে, সেয়া গ্রাহকক জনাব লাগিব। এই দণ্ডমূলক মাচুলক মূল ঋণৰ স’তে যোগ কৰি তাৰ ওপৰত পুনৰ দণ্ডমূলক সুত ল’ব নোৱাৰি।
কিস্তি বাউন্স হ’লে কি কৰিব? প্রথমে, কিয় কিস্তিৰ ধন কটা নহ’ল, সেয়া জানি লওক। একাউণ্টত ধন কম আছিল নে বেংকৰ কাৰিকৰী সমস্যা হৈছিল, সেয়া নিশ্চিত কৰক। দ্বিতীয়তে, ঋণদাতা প্রতিষ্ঠানে নিৰ্ধাৰণ কৰা পদ্ধতিৰে বকেয়া ধন সোনকালে পৰিশোধ কৰক। ধন পৰিশোধ কৰাৰ প্ৰমাণ সংৰক্ষণ কৰি ৰাখক।
তৃতীয়তে, একাউণ্টত পর্যাপ্ত ধন থকাৰ পাছতো কিস্তি কটা ন’হলে বেংক বা ঋণদাতা প্ৰতিষ্ঠানৰ ওচৰত অভিযোগ কৰক।
অভিযোগৰ নথি আৰু বেংকৰ উত্তৰ সংৰক্ষণ কৰি ৰাখক। চতুর্থতে, ধন পৰিশোধ কৰাৰ পাছত ঋণৰ বকেয়া ধনৰ পৰিমাণ সঠিকভাৱে হ্রাস পাইছে নে নাই পৰীক্ষা কৰক।
সেয়ে, এবাৰ কিস্তি বাউন্স হ’লে আতংকিত হোৱাৰ প্ৰয়োজন নাই। কিন্তু বকেয়া কিস্তি দীর্ঘদিনলৈ পেলাই ৰাখিলে অতিৰিক্ত মাচুলৰ লগতে ক্রেডিট স্ক’ৰত প্ৰভাৱ পৰিব পাৰে। ভৱিষ্যতে নতুন ঋণ লোৱাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হ’ব পাৰে।






























