দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ৰাছিয়াৰ সেনাবাহিনীৰ হৈ এতিয়াও ৫৫ জন ভাৰতীয়ই কাম কৰি আছে। এই কথা প্ৰকাশ কৰিছে ভাৰত চৰকাৰে । ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত এই ভাৰতীয়সকলক শীঘ্ৰে দেশলৈ ঘূৰাই পঠোৱাৰ বাবে মস্কোক আহ্বান জনাইছে নতুন দিল্লীয়ে।
তথ্য অনুসৰি,শেহতীয়াকৈ অনুষ্ঠিত ৰুছ-ভাৰত কনছালটেটিভ কমিটীৰ বৈঠকতো ভাৰতৰ ফালৰ পৰা বিষয়টো গুৰুত্বসহকাৰে উত্থাপন কৰে ।
ভাৰত চৰকাৰৰ এটা সূত্ৰই জনোৱা মতে, এতিয়ালৈকে ১৪০ জন ভাৰতীয় নাগৰিকক দেশলৈ ঘূৰাই অনা হৈছে। অৱশ্যে এতিয়াও ৫৫ জন ভাৰতীয় ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত হৈ আছে।
বৰ্তমান তেওঁলোক ক’ত আৰু কেনে অৱস্থাত আছে, সেই বিষয়ে জানিবলৈ ৰাছিয়াৰ কৰ্তৃপক্ষৰ স’তে ভাৰত চৰকাৰে যোগাযোগ অব্যাহত ৰাখিছে।
সূত্ৰটোৱে লগতে জনোৱা মতে, যিসকল অসাধু দালালৰ জৰিয়তে এই ভাৰতীয়সকল ৰাছিয়ালৈ গৈছিল, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেৱল সেয়াই নহয়, অসাধু দালালসকলৰ বিৰুদ্ধে মস্কোকো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভাৰতে।
উল্লেখ্য, যোৱা মাহত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে এই সন্দৰ্ভত এক পৰিসংখ্যা প্ৰকাশ কৰিছিল। তেওঁ জনোৱা মতে, ৰাছিয়াৰ সশস্ত্ৰ বাহিনীত নিয়োজিত ২২৭ জন ভাৰতীয়ৰ ভিতৰত ১৩৯ জনক মুকলি কৰি দিয়া হৈছে। আনহাতে, ৫১ জনৰ মৃত্যু হৈছে।
ভাল চাকৰি আৰু মোটা দৰমহাৰ প্ৰতিশ্ৰুতি দি ভাৰতীয় নাগৰিকক ৰাছিয়ালৈ লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ পাছত মস্কোত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকক সেনাবাহিনীত ভৰ্তি কৰাই যুদ্ধক্ষেত্ৰলৈ প্ৰেৰণ কৰা হয় বুলি অভিযোগ।
বিষয়টোক লৈ ভাৰত চৰকাৰে নাগৰিকসকলক বাৰম্বাৰ সতৰ্ক কৰি আহিছে। বিশেষকৈ ৰাছিয়াত চাকৰিৰ প্ৰলোভন দেখুওৱা কোনো সন্দেহজনক এজেণ্ট বা প্ৰতিষ্ঠানৰ জালত নপৰিবলৈ নতুন দিল্লীয়ে নাগৰিকসকলক সতৰ্ক কৰি আহিছে।































