HealthyAging: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: চিনেমা চাবলৈ যোৱা মানেই কেৱল বিনোদন নহয়, শৰীৰ-মন ভালে ৰখাৰো এক উপায়। সাম্প্রতিক এক গৱেষণাত দেখা গৈছে যে নিয়মিত সাংস্কৃতিক কাম-কাজত জড়িত থকা মানুহৰ ‘বায়’লজিকেল এজিং’ বা জৈৱিক বার্ধক্যৰ গতি তুলনামূলকভাবে কম হ’ব পাৰে। চিনেমা চোৱা, গান শোনা, কিতাপ পঢ়া, আর্ট গেলাৰী বা যাদুঘৰলৈ যোৱা আদি নানা ধৰণৰ সাংস্কৃতিক অভিজ্ঞতাৰ স’তে স্বাস্থ্যকৰ বাৰ্ধক্যৰ যোগ বিচাৰি পাইছে এদল গৱেষকে।
ইউনিভাৰছিটি কলেজ লন্ডন (ইউচিএল) ৰ গৱেষকৰ দল এটাই আমেৰিকাৰ ৩,৫৫৬জন প্রাপ্তবয়স্ক লোকৰ তথ্য বিশ্লেষণ কৰে। তেওঁলোকৰ সাংস্কৃতিক কাম-কাজত অংশগ্ৰহণৰ অভ্যাসৰ সমান্তৰালকৈ তেজৰ নমুনা পৰীক্ষা কৰা হয়। গৱেষকসকলে ডিএনএত বয়সৰ স’তে সম্পৰ্ক থকা কিছু ৰাসায়নিক পৰিৱৰ্তন বিশ্লেষণ কৰি জৈৱিক বয়স আৰু বয়স বৃদ্ধিৰ গতি সম্পর্কে ধাৰণা লাভৰ চেষ্টা কৰিছিল।
গৱেষণাত দেখা যায় যে যিসকলে নিয়মিতৰূপে সাংস্কৃতিক বিষয়ত অংশ লয়, তেওঁলোকৰ মাজত বয়স বঢ়াৰ গতি তুলনামূলকভাবে কম হোৱাৰ প্ৰৱণতা আছে। অৱশ্যে ইয়াৰ অৰ্থ এয়া হয় যে সপ্তাহত এদিন চিনেমা চালেই পোনপটীয়াকৈ আয়ুস বাঢ়ি যাব। গৱেষণাটোৱে প্ৰধানকৈ সাংস্কৃতিক কাম-কাজ আৰু জৈৱিক বাৰ্ধক্যৰ মাজৰ সম্পৰ্কক দেখুৱাইছে।
গৱেষণাত কেৱল চিনেমা চোৱাৰ প্ৰভাৱক পৃথককৈ পৰীক্ষা কৰা নাই। বৰঞ্চ বিভিন্ন ধৰণৰ শিল্প আৰু সাংস্কৃতিক কাম-কাজক একেলগে বিবেচনা কৰা হৈছে। গৱেষকৰ দলৰ মতে, নিয়মিত সাংস্কৃতিক কাম-কাজত যুক্ত থকা মানুহৰ মাজত মানসিক চাপ কমা, সামাজিক যোগাযোগ বৃদ্ধি আৰু মস্তিষ্কৰ সক্ৰিয়তা বৰ্তি থকাৰ দৰে একাধিক বিষয়ৰো স্বাস্থ্যকৰ বাৰ্ধক্যৰ স’তে সম্পৰ্ক থাকিব পাৰে।
গৱেষকৰ দলৰ বক্তব্য, শিল্প আৰু সংস্কৃতিৰ স’তে জড়িত থকাৰ প্ৰভাৱ কিছু ক্ষেত্ৰত শৰীৰচৰ্চাৰ স’তে তুলনীয় হ’ব পাৰে।
এতিয়া প্রশ্ন উঠিছে যে চিনেমা বাৰু ‘এন্টি-এজিং’ ঔষধ নেকি? গৱেষণাটো পর্যবেক্ষণমূলক হোৱাত ইয়াৰ পৰা পোনপটীয়াকৈ ক’ব নোৱাৰি যে চিনেমা চোৱা বা আন কোনো সাংস্কৃতিক কাম-কাজেই লাহে লাহে বয়স বৃদ্ধিৰ কাৰণ। গৱেষণাত আর্থ-সামাজিক পৰিস্থিতি, শিক্ষা, আয়, ধূমপান আৰু বিএমআইৰ দৰে বিভিন্ন বিষয়ো বিবেচনা কৰা হৈছিল।
তথাপি গৱেষকসকলে ধাৰণা কৰিছে যে সংস্কৃতি আৰু শিল্পৰ স’তে নিয়মিত যোগাযোগক স্বাস্থ্যকৰ জীৱন-যাপনৰ এক অংশৰূপে গুৰুত্ব দিয়াৰ যথেষ্ট কাৰণ আছে।































