MaleFertility : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : পুৱা শোৱাৰ পৰা উঠাৰ পাছৰে পৰা নিশা বিছনাত পৰাৰ সময়লৈকে আজিকালি স্মার্টফোন আৰু লেপটপ মানুহৰ নিত্যসংগী হৈ পৰিছে। অফিচৰ কাম হওক বা অৱসৰৰ সময় কটোৱা, অধিকাংশ সময়তে কোনো নহয় কোনো ডিজিটেল যন্ত্ৰৰ সন্মুখত মানুহৰ সময় অতিবাহিত হয়।
অথচ বহুতেই নাজানে যে এই অভ্যাসসমূহৰ স’তে পুৰুষৰ প্রজনন স্বাস্থ্যৰ সম্ভাব্য যোগসূত্রক লৈ গৱেষকসকলে দীর্ঘদিনৰ পৰাই আলোচনা অব্যাহত ৰাখিছে। বিশেষকৈ কোলাত লেপটপ ৰাখি কাম কৰা আৰু ম’বাইল ফোন পকেটত ৰখাৰ দৰে অভ্যাসক লৈ প্রশ্ন উঠিছে।
কোলাত লেপটপ থৈ কাম কৰাৰ কিমান ক্ষতিকাৰক? বহুতেই চোফাত বহি বা বিছনাত শুই কোলাত লেপটপ থৈ কাম কৰে। অথচ লেপটপ ব্যৱহাৰৰ সময়ত তাপ উৎপন্ন হয়। দীর্ঘক্ষণ লেপটপ কোলাত ৰাখিলে অণ্ডকোষৰ চাৰিওকাষৰ তাপমাত্রা বাঢ়িব পাৰে। পুৰুষৰ শৰীৰত শুক্রাণু উৎপন্ন হোৱাৰ স্বাভাৱিক প্ৰক্ৰিয়াৰ বাবে অণ্ডকোষৰ তাপমাত্ৰা শৰীৰৰ আভ্যন্তৰীণ তাপমাত্ৰাৰ তুলনাত কিছু কম থকাটো প্রয়োজন।
অতিৰিক্ত তাপৰ সংস্পৰ্শলৈ আহিলে শুক্রাণুৰ উৎপাদন আৰু গুণমান প্রভাবিত হ’ব পাৰে বুলি বিভিন্ন গৱেষণাত ইংগিত হোৱা গৈছে। কি হয়? পেন্টৰ পকেটত ম’বাইল ৰাখিলে স্মার্টফোন পেন্টৰ পকেটত ৰখাটো মানুহৰ অতি সাধৰণ অভ্যাস।
ম’বাইল ফোনৰ পৰা নির্গত ৰেডিঅ’ফ্রিকুৱেন্সী বা আৰএফ তৰংগই পুৰুষৰ প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলাব পাৰে নেকি, এই বিষয়ত বিভিন্ন গৱেষণা হৈছে। কিছু গৱেষণাত শুক্রাণুৰ গতিশীলতা আৰু গুণমান কমা দেখা গৈছে।
প্রজনন স্বাস্থ্য ভালে ৰাখিবলৈ কি কৰিব?
ক) দীর্ঘসময় লেপটপ কোলাত থৈ কাম নকৰিব। ডেস্ক বা লেপটপ ষ্টেণ্ড ব্যৱহাৰ কৰক।
খ) ম’বাইল ফোন সকলো সময়তে পেন্টৰ সম্মুখৰ পকেটত ৰখাৰ অভ্যাস সলনি কৰিব পাৰে।
গ)নিয়মিতৰূপে শৰীৰ চৰ্চা কৰিব আৰু স্বাস্থ্যকৰ ওজন বৰ্তাই ৰখাৰ চেষ্টা কৰিব।
ঘ) ধূমপান পৰিহাৰ কৰি চলক আৰ মদ্যপানৰ অভ্যাস থাকিলে সেয়া কমোৱাত সচেতন হওক।
ঙ) পর্যাপ্ত নিদ্রা গ্রহণ কৰিব আৰু সুষম খাদ্য খাব।
চ)দীর্ঘদিন চেষ্টা কৰিও সন্তানধাৰণত সমস্যা হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব।
মনত ৰাখিব লাগিব যে পুৰুষৰ প্ৰজনন ক্ষমতা একাধিক শাৰীৰিক, হৰম’নজনিত আৰু জীৱন-যাপন সংক্রান্তীয় বিষয়ত নিৰ্ভৰ কৰে। ম’বাইল বা লেপটপ ব্যৱহাৰ কৰিলেই প্রজনন ক্ষমতা নষ্ট হৈ পৰাৰ ধাৰণাটোও সঠিক নহয়। অৱশ্যে কামৰ ধৰণ আৰু দৈনন্দিন অভ্যাসত সৰু-সুৰা পৰিৱৰ্তনে সামগ্রিক স্বাস্থ্য ভালে ৰখাত সহায় কৰিব পাৰে।






























