MigraineAwareness : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মাইগ্রেন এনে এবিধ মূৰৰ বিষ, যি মূৰৰ কোনো এক ফালৰ পৰা আৰম্ভ হৈ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰে। মাইগ্রেনৰ বিষ দীর্ঘস্থায়ী আৰু মাৰাত্মক যন্ত্রণাদায়ক। প্ৰৱল মূৰৰ বিষৰ সমান্তৰালকৈ মুখ আৰু শৰীৰত অস্বস্তিৰ লগতে বমিৰ ভাবেও অশান্তি কৰে। কেতিয়াবা কে’বাদিনলৈ একেৰাহে মাইগ্রেনে আমনি কৰে। মাইগ্রেনৰ সমস্যা বহু ক্ষেত্রত বংশগত।
পৰিয়ালৰ সদস্যৰ মাজত বংশগতভাৱে এই সমস্যা প্রবাহিত হ’ব পাৰে। কিন্তু কেতবোৰ অভ্যাসৰ কাৰণেও মাইগ্রেনৰ সমস্যা বৃদ্ধি পায়। সেয়ে যিসকলৰ মাইগ্রেনৰ সমস্যা আছে, তেওঁলোকে প্রত্যক্ষ বা পৰোক্ষভাৱে দায়ী অভ্যাসসমূহ বা কাৰণবোৰৰ বিষয়ে অৱগত হৈ আগতীয়াকৈ সতর্ক হোৱা ভাল।
* দীর্ঘক্ষণ ধৰি খালী পেটত থাকিলে মাইগ্রেনৰ বিষ বা সমস্যাই মূৰ ফালি দিয়াৰ দৰে কৰিব পাৰে। কাৰণ খালী পেটত থাকিলে গেষ্ট্ৰিকৰ সমস্যা সৃষ্টি হয়, যি মাইগ্রেনৰ সমস্যা অধিক বৃদ্ধি কৰে।
* আমি যেতিয়া অত্যধিক পৰিমাণে মিঠাই খাওঁ, তেতিয়া আমাৰ তেজত ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যায়। ইয়াৰ লগতে শৰ্কৰাৰ মাত্রা নিয়ন্ত্ৰণত ৰাখিবলৈ মাত্ৰাধিক পৰিমাণে ইনজ্যুলিনৰ ক্ষৰণ হ’বলৈ ধৰে।ফলত ৰক্ত শৰ্কৰাৰ মাত্রা পুনৰ নামিবলৈ আৰম্ভকৰে। এইদৰে তেজত শৰ্কৰাৰ মাত্ৰাৰ দ্রুত তাৰতম্য ঘটাৰ ফলত মাইগ্রেনৰ বিষ বৃদ্ধি পায়। ⇨ অতিমাত্ৰা ৰ’দত দীর্ঘসময় ঘূৰাপকা কৰিলে প্রায়ে মাইগ্রেনৰ বিষ বৃদ্ধি হয়। ইয়াৰ উপৰি অস্বাভাৱিক গৰম, মাত্রাধিক আর্দ্রতা বা তাপমাত্ৰাৰ তাৰতম্য ঘটিলেও মাইগ্রেনৰ সমস্যা বাড়ে।
* প্ৰৱল মাত্ৰাৰ শব্দ বা উচ্চাংগত গীত শুনাৰ বাবেও মাইগ্রেনৰ সমস্যা বৃদ্ধি পাব পাৰে।
* একাধিক গৱেষণাত পোৱা গৈছে যে যিসকলে নিয়মিতৰূপে কেফেইন জাতীয় পানীয় (চাহ, কফি আদি) সেৱনত অভ্যস্ত, তেওঁলোকে হঠাতে এই অভ্যাস ত্যাগ কৰিলে মাইগ্রেনৰ সমস্যাই দেখা দিব পাৰে।
* যি লোকে দীর্ঘক্ষণ ধৰি মাত্ৰাধিক চাপ লৈ কাম কৰে বা কামৰ চাপত যিসকলৰ খোৱা-বোৱা বা শোৱাৰ কোনো নির্দিষ্ট সময় নাথাকে, তেনে লোকো মাইগ্রেনত আক্রান্ত হোৱাৰ আশংকা বেছি।
* যিসকলে নিয়মিত প্রায় পাঁচ-ছঘণ্টা শোরে, তেওঁলোকে যদি হঠাৎ এদিন নৰ পৰা ১০ ঘণ্টা পর্যন্ত নিদ্রা গ্রহণ কৰে, তেনে অৱস্থাত তেওঁলোকক মাইগ্রেনে আক্রমণ কৰিব পাৰে।






























