ElonMusk : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কৰ ধন-সম্পত্তিৰ এক দিনতে ইমানেই তীব্ৰ অৱনতি ঘটিল যে সকলোকে স্তম্ভিত কৰি তুলিছিল। টেছলা আৰু স্পেচএক্সৰ শ্বেয়াৰৰ মূল্য যথেষ্ট হ্রাস পোৱাৰ ফলত তেওঁৰ সম্পত্তিৰ ক্ষতিসাধন হৈছে।
ব্লুমবার্গ বিলিয়নেয়াৰ সূচকাংক অনুসৰি বৃহস্পতিবাৰে মাস্কৰ সম্পত্তিৰ পৰিমাণ ৭৯.৪ বিলিয়ন ডলাৰ, প্ৰায় ৭.৫৪ লাখ কোটি টকা হ্রাস পাইছে। ফলস্বৰূপে তেওঁৰ সম্পত্তি ৮.১ শতাংশ হ্রাস পাই ৯০৬ বিলিয়ন ডলাৰত উপনীত হয়।
৫ আগষ্টৰ পিছত তেওঁৰ ধন-সম্পত্তিৰ একদিনৰ ভিতৰতে এইটোৱেই আটাইতকৈ বেছি হ্রাস। আমোদজনকভাবে, মাস্কৰ সম্পত্তিৰ এই হ্রাস ঘটিছে তেওঁৰ ধন-সম্পত্তি প্রায় ৬৪ বিলিয়ন ডলাৰ বৃদ্ধি পোৱাৰ মাত্র এদিন পিছতে।
এই যথেষ্ট হ্ৰাসৰ পিছতো এই বছৰ তেওঁৰ সামগ্রিক সম্পদ ব্যাপক বৃদ্ধি পাইছে। তথ্য অনুসৰি ২০২৬ ত তেওঁৰ সম্পত্তিৰ পৰিমাণ প্রায় ৪৫১ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে-যিটো প্রায় ৯৯.১ শতাংশ বৃদ্ধি।
মাস্কৰ সম্পত্তি হ্রাস পোৱাৰ প্ৰধান কাৰণ আছিল তেওঁৰ কোম্পানীসমূহৰ শ্বেয়াৰৰ মূল্য দুর্বলতা। শেহতীয়াকৈ তালিকাভুক্ত স্পেচএক্সৰ শ্বেয়াৰ বৃহস্পতিবাৰে ৯.১৪ শতাংশ হ্রাস পাই বন্ধ হোৱাৰ বিপৰীতে টেছলাৰ শ্বেয়াৰতো ৩.০৮ শতাংশ হ্রাস হৈছে।



































