Supreme Court:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: দেশৰ সংবিধানে স্পষ্টভাৱে কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ ক্ষমতা, কর্তব্য আৰু দায়িত্ব বিভাজন কৰি দিয়াৰ পাছতো দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা আগতীয়া অনুমতি লৈহে উচ্চতৰ ন্যায়পালিকাত ন্যায়াধীশ নিযুক্তি দিছিল। প্রাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ একালৰ সতীৰ্থ বিচাৰপতি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সঞ্জয় কিশান কৌলে এটা ৱেবছাইটৰে এক সাক্ষাৎকাৰত এই কথা প্রকাশ কৰিছে।
সাক্ষাৎকাৰত ন্যায়াধীশ কৌলে কয় যে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় সমূহত নিযুক্তিৰ বাবে কলেজিয়ামলৈ প্ৰস্তাৱিত ন্যায়াধীশৰ নাম প্ৰেৰণৰ পূৰ্বে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে চৰকাৰৰ পৰা অনুমতি লৈছিল; অর্থাৎ চন্দ্ৰচূড়ৰ দিনত কাৰ নাম কলেজিয়ামলৈ প্ৰেৰণ কৰিব সেয়া চৰকাৰে নিৰ্ধাৰণ কৰি দিছিল।
স্বাভাৱিকতে ন্যায়াধীশ কৌলৰ এই মন্তব্যই দেশজুৰি আলোড়ন সৃষ্টি কৰিছে। এই সম্পৰ্কত এক অভিজ্ঞতা সোঁৱৰণ কৰি তেওঁ আৰু কয়, ‘এবাৰ কলেজিয়ামে ন্যায়াধীশৰূপে নিযুক্তিৰ বাবে কিছুসংখ্যক নাম বিবেচনা কৰি থকাৰ সময়ত চন্দ্ৰচূড়ে মোক একাষে মাতি নি কৈছিল যে নিযুক্তিৰ বাবে বাছনি কৰা সকলৰ সন্দৰ্ভত মতামত গ্ৰহণৰ বাবে চৰকাৰলৈ ফোন কৰাটো উচিত হ’বনে? মই এই কাম তেওঁক নকৰিবলৈ অনুৰোধ জনাইছিলো।’
ন্যায়াধীশ কৌলে তেওঁৰ অলপতে প্রকাশ পাব লগা আত্মজীৱনীমূলক গ্রন্থ ‘উইডাউট ফিয়েৰ ঔৰ ফেভাৰ’তো চন্দ্ৰচূড়ৰ এই কলংকিত অধ্যায়ৰ বিস্তৃত বিৱৰণ দিছে।
ADVERTISEMENT




























