ArtificialIntelligence: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ‘ৰবট নিয়োগ কৰক, কৰ্মচাৰীৰ সংখ্যা হ্রাস কৰক।’ মাইক্ৰ’ছফটৰ প্ৰতিষ্ঠাপক বিল গেটছে অলপতে প্রতিষ্ঠানটোৰ পৰিচালনা মণ্ডলীলৈ দিয়া নির্দেশৰ ভিত্তিত প্রতিষ্ঠানটোৱে সম্প্রতি একেলগে ৬০ হেজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা চাটাই প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কৃত্রিম বুদ্ধিমত্তাই কেনে বিপদ আনিছে তাকে স্পষ্ট কৰি মাইক্র’ছফটে এই বৃহৎ সংখ্যক কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ ল’বলৈ আহ্বান জনাইছে।
এই সম্পর্কত প্রতিষ্ঠানটোৰ এজন মুখপাত্ৰই প্ৰকাশ কৰা অনুসৰি ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু ব্রিটেইনত নিয়োজিত প্রতিষ্ঠানটোৰ উপ-সভাপতি আৰু অধস্তন কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ কাৰণ হৈছে সম্প্রতি এইসকল কৰ্মচাৰীয়ে কৰি থকা কামত ৰবটৰ দ্বাৰা কৰোৱা হ’ব।
এইদৰে মানুহৰ ঠাইত ৰবট নিয়োগ কৰিবলৈ লোৱাৰ কাৰণ হৈছে কৃত্রিম বুদ্ধিমত্তাৰ গৱেষণাত প্রতিষ্ঠানটোৱে পুঁজি বিনিয়োগৰ সিদ্ধান্ত গ্রহণ কৰিছে। আনহাতে, এই সম্পর্কত প্রতিষ্ঠানটোৰ সহপ্রতিষ্ঠাপকে কয় যে লাহে লাহে কৃত্রিম বুদ্ধিমত্তা মানুহতকৈ অধিক বুদ্ধিমান হ’ব।
অর্থাৎ কিছু বছৰৰ ভিতৰত পৃথিৱীত মানুহ সবাতোকৈ বুদ্ধিমান প্রাণী হৈ নাথাকিব। এনেদৰে এআইৰ দ্বাৰা সমস্ত কর্ম নিয়ন্ত্রিত হ’ব। গতিকে আজিৰ যি হোৱাইট কালাৰ জব বা কাৰ্যালয়ত বহি কৰা কামত মানুহৰ পৰিৱৰ্তে থাকিব কৃত্রিম বুদ্ধিমত্তা। ফলত চাকৰি বিচাৰি হাহাকাৰ কৰিব লাগিব উচ্চশিক্ষিতসকলে। আনকি প্রযুক্তি বা অভিযান্ত্রিক শিক্ষাগ্রহণ কৰাসকলে চাকৰিৰ বাবে হাহাকাৰ কৰিব লাগিব।
অৱশ্যে একাংশৰ মতে, সৃষ্টিশীলতাৰ অধিকাৰীসকল বিশেষ আতংকিত হোৱাৰ প্রয়োজন নাই। উল্লেখ্য যে যোৱা এপ্ৰিলতে মাইক্র’ছফটে কমেও ৮,৭৫০জন মার্কিন কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়ে। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে প্রতিষ্ঠানটোৱে একেলগে ৬০ হেজাৰ কৰ্মচাৰীক চাটাইৰ সিদ্ধান্ত গ্রহণ কৰিছে।
এইসংখ্যা প্রতিষ্ঠানটোৰ মুঠ কৰ্মচাৰীৰ এক-চতুর্থাংশৰ অধিক। কৰ্মচাৰীসকলক প্রাপ্য সকলো আদায় দি স্বেচ্ছামূলক অৱসৰৰ কথা ঘোষণা কৰিছে প্রতিষ্ঠানটোৱে। অৱশ্যে আর্থিক সাহায্য পালে কৰ্মচাৰীসকলৰ অধিকাংশই অৱসৰ ল’বলৈ বিচৰা নাই। আনহাতে, স্বাভাৱিকতে মাইক্ৰ’ছফটৰ এই সিদ্ধান্ত বহুতে বিশ্বাস কৰিবলৈ টান পাইছে।





























