Protest: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : সকলোকে চমকিত কৰি কলংকিত মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অপসাৰণ আৰু ভোটাৰ তালিকাৰ এছআইআৰ প্ৰত্যাহাৰৰ দাবীত দেওবাৰে লাখ লাখ লোক উত্তাল কৰে দেশৰ ৰাজধানী দিল্লী। পূর্ব নির্ধাৰিত কাৰ্যসূচী অনুসৰি আজি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ নেতৃত্বত ‘ইণ্ডিয়া’ৰ ১৯টাকৈ দলে কনাট প্লেচ-মিন্টো ৰোডৰ সংযোগস্থলীৰ পৰা ৰামলীলা ময়দানলৈ এক সমদল উলিওৱাৰ লগতে ৰামলীলা ময়দানত এক বিশাল সমাবেশ অনুষ্ঠিত কৰে।
বিৰোধীয়ে আশা কৰা ধৰণে এই সমদল-সমাৱেশত লাখ লাখ লোকে অংশ লৈ গণতন্ত্র ৰক্ষাৰ দাবীত ধ্বনি দিয়ে। অসমকে ধৰি দেশৰ প্ৰতিখন ৰাজ্যৰ পৰা অহা লাখ লাখ প্রতিবাদকাৰীয়ে দুপৰীয়া ৰামলীলা ময়দানলৈ এই সমদল উলিয়ায়। উল্লেখ্য যে বিৰোধীৰ এই প্রতিবাদ ব্যর্থ কৰাৰ উদ্দেশ্যে আজি দিল্লীত চৰকাৰে অর্ধ-সামৰিক বাহিনীসহ ২৭ হেজাৰৰো অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰে যদিও সমদলকাৰীৰ সংখ্যা প্রত্যক্ষ কৰি নিৰাপত্তা বাহিনী অসহায় হৈ ৰয়।
গতিকে হেলাৰঙে সমদলকাৰীসকলে কনাট প্লেচ-মিন্টো ৰোডৰ পৰা অগ্ৰসৰ হৈ ৰামলীলা ময়দানত উপস্থিত হয়। অথচ দিল্লী আৰক্ষীয়ে বিৰোধীক আজি ৰামলীলা ময়দানত সমাৱেশৰ আয়োজনৰ অনুমতিহে দিছিল। বিৰোধীৰ ওচৰত সমদল উলিওৱাৰ বাবে অনুমতি নাছিল। কালি মোদী চৰকাৰে ৰাজধানী মহানগৰত ২৭ হেজাৰৰো অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ লগতে সমগ্ৰ মহানগৰীত আঢ়ৈশৰো অধিক চিচি টিভি স্থাপন কৰে। আনকি কেৱল ৰামলীলা ময়দানতে ১০ হেজাৰৰো অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰে চৰকাৰে। তদুপৰি কনাট প্লেচৰ পৰা ৰামলীলা ময়দানলৈ সমগ্র পথত দিল্লী আৰক্ষীয়ে বৃহৎসংখ্যক কে’বা তৰপীয়া বেৰিকেডো স্থাপন কৰে।
এই সম্পৰ্কত মধ্য দিল্লীৰ আৰক্ষী উপ-আয়ুক্ত ৰোহিত ৰাজবীৰে জনোৱা মতে, আজি পুৱা পাঁচ বজাৰ পৰাই ৰামলীলা ময়দানলৈ জনস্রোত আৰম্ভ হয়।
জ্ঞানেশ কুমাৰ কাৰাগাৰলৈ যাব: ৰাহুল
নির্বাচন আয়োগত জ্ঞানেশ কুমাৰ নথকা হ’লে ২০২৪ত মোদী প্রধানমন্ত্রী আৰু অমিত শ্বাহ কেন্দ্রীয় গৃহমন্ত্রী হ’ব নোৱাৰিলেহেঁতেন বুলি কালি মুকলি অভিযোগ উত্থাপন কৰে বিৰোধী দলপতি ৰাহুলে। ৰামলীলা ময়দানত বিৰোধীৰ সমাৱেশত ভাষণ দি ৰাহুলে কয়, ‘২০২৪ৰ নিৰ্বাচন অবৈধ আছিল। ইভিএম আৰু ভোটাৰ তালিকাৰ জালিয়াতিৰে এই নিৰ্বাচনত ভোট চুৰি কৰা হৈছিল। ভোট চুৰি সাধাৰণ চুৰিৰ ঘটনা নহয়। ই হৈছে ভাৰতৰ প্ৰতিটো কণ্ঠ চুৰি। এয়া দেশদ্রোহ।’
বিগত লোকসভা নির্বাচনৰ পাছত ভোটাৰ তালিকাৰ পৰা ১৫ শতাংশ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে বুলি অভিযোগ কৰি তেওঁ লগতে কয়, ‘২০২৪ৰ নিৰ্বাচনত আমাৰ (ইণ্ডিয়া) ৰ আৰু এনডিএৰ মাজৰ ভোটৰ পাৰ্থক্য তিনি শতাংশ আছিল। ২০২৪ৰ নিৰ্বাচন অবৈধ আছিল। নির্বাচন আয়োগৰ তথ্যই এই কথা কয়।’
২০২০-২১ৰ কৰ’না মহামাৰীৰ সময়ত তেওঁ কোৱা কথাবোৰ পৰৱৰ্তী সময়ত সত্য প্রমাণিত হ’ল বুলিও ৰাহুলে মন্তব্য কৰে। তেওঁ লগতে কয়, ‘মই প্রতিজন ভাৰতীয় নাগৰিকক ক’বলৈ বিচাৰিছো যে জ্ঞানেশ কুমাৰক মুখ্য নির্বাচন আয়ুক্তৰ পদৰ পৰা অপসাৰণ কৰা হ’ব। জ্ঞানেশ কুমাৰ কাৰাগাৰলৈ যাব।’
ৰাহুলে লগতে বিজেপিৰ অভিভাৱক সংগঠন আৰএছএছকো তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, ‘শিক্ষানুষ্ঠানৰ পৰা আৰম্ভ কৰি তদন্তকাৰী সংস্থাসমূহলৈ দেশৰ ৰাজহুৱা প্রতিষ্ঠানসমূহ আৰএছএছে কব্জা কৰিছে। ফলত কৃষক-শ্রমিক আৰু যুৱ সমাজ প্রাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে।’
তেওঁ দেখা ভাৰতৰ সপোনৰ বিষয়েও ৰাহুলে বিৱৰণ দিয়ে। ইয়াকে কৰোতে তেওঁ হিন্দু পুৰাণৰ কাহিনী ব্যাখ্যা কৰে। এই সম্পৰ্কত তেওঁ কয়, ‘যিকোনো ব্যক্তিয়ে মহাদেৱ শিৱৰ বিবাহৰ শোভাযাত্ৰাত অংশ ল’ব পাৰে। কাকো বাধা দিয়া নহয়। আমি এনে এখন ভাৰত বিচাৰো। আমি গণতন্ত্র শেষ হ’বলৈ নিদিওঁ। আমি সংবিধানক ধ্বংস কৰিবলৈ নিদিওঁ।’ আদানী-আম্বানীক হাতত ৰখা বুলি সততে সমালোচিত হৈ অহা বিজেপিক কটাক্ষ কৰি তেওঁ লগতে কয়, ‘আপোনালোকৰ হাতত যিমানেই ধন নাথাকক কিয়, আপোনালোক দেশৰ সংবিধানতকৈ ডাঙৰ নহয়। সংবিধান আপোনালোকতকৈ ডাঙৰ।’
তাৎপর্যপূর্ণভাৱে তেওঁ লগতে কয়, ‘প্রধানমন্ত্রী মোদী, গৃহমন্ত্রী শ্বাহৰ প্ৰতি আমাৰ কোনো ঘৃণা নাই। একেদৰে জ্ঞানেশ কুমাৰৰ প্ৰতিও আমাৰ কোনো ঘৃণা নাই। আমি মহবত (প্রেম)ৰ দোকান খোলা মানুহ। আমি অহিংসাক বিশ্বাস কৰো।’
একেদৰে কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গেয়ো বিজেপিয়ে ভোট চুৰিৰে চৰকাৰ গঠন কৰাৰ অভিযোগ উত্থাপন কৰে। সমাৱেশত ভাষণত তেওঁ কয়, ‘ভোট চুৰিৰে বিজেপিয়ে কেন্দ্ৰ, মহাৰাষ্ট্ৰ, বিহাৰ আৰু উত্তৰ প্ৰদেশত চৰকাৰ গঠন কৰিলে। তেওঁলোকক কোনে ভোট দিয়ে? তেওঁলোকে নিজকে নির্বাচন কৰে। জনতাই তেওঁলোকক নির্বাচন নকৰে। আমি এই চোৰসকলক আঁতৰাব লাগিব।’ খার্গেই লগতে দাবী কৰে যে প্রধানমন্ত্রী মোদী ক্ষমতাৰ পৰা আঁতৰ হ’লেহে দেশৰ গণতন্ত্ৰ ৰক্ষা পৰিব। অনুৰূপ ধৰণে মমতা বেনার্জী, অখিলেশ যাদৱ আদিয়েও মোদী চৰকাৰক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে।
মমতাই কয়, ‘পশ্চিমবংগত আমি পৰাজিত হোৱা নাছিলো। আমাক হৰুওৱা হ’ল। আমি ইয়াৰ বিৰুদ্ধে গণতান্ত্রিকভাবে যুঁজ দিম।’ এছআইআৰে দৰাচলতে বিজেপিক বিশেষ গভীৰ সকাহ দিয়া বুলিও তেওঁ কটাক্ষ কৰে। একেদৰে সমাজবাদী পার্টীৰ মুৰব্বী অখিলেশে অভিযোগ উত্থাপন কৰে যে বিজেপিয়ে নিজৰ কর্মী-সমর্থকসকলৰ মাজতে ভোটাধিকাৰ সীমিত ৰাখিবলৈ বিচাৰিছে। আনহাতে, আৰ জে ডিৰ নেতা তেজস্বী যাদৱে এছ আইআৰক মহাভাৰতৰ শকুনিৰ পাশাখেলৰ স’তে তুলনা কৰে।
মিন্টু ৰোডৰ পৰা শতাধিক ছাত্র-ছাত্রীক আটক
আজি ৰামলীলা ময়দানৰ বিৰোধীৰ প্ৰতিবাদত অংশগ্ৰহণৰ বাবে ৰাওনা হ’বলৈ উদ্যত হোৱাৰ সময়ত আৰক্ষীয়ে মিন্টু ৰোডৰ পৰা শতাধিক ছাত্র-ছাত্রীক আটক কৰি লৈ যায়। এই ছাত্ৰ-ছাত্ৰীসকল দিশা নামৰ এটা সংগঠনৰ কৰ্মী। কনাট প্লেচৰ পৰা খোলা বাহনত উঠি ৰামলীলা ময়দানলৈ ৰাহুল-মমতা-অখিলেশ-বেবী
দেওবাৰে কনাট প্লেচ-মিন্টো ৰোডৰ সংযোগস্থলৰ পৰা ৰামলীলা ময়দানলৈ লাখ লাখ সমদলকাৰীক নেতৃত্ব প্রদান কৰি ৰাহুলে এখন খোলা বাহনত ৰামলীলা ময়দানত উপস্থিত হয়। এই যাত্রাকালত তেওঁৰ স’তে থাকে তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাজী, সমাজবাদী পার্টিৰ মুৰব্বী অখিলেশ যাদৱ, তৃণমূলৰ সাংসদ অভিশেষ বেনাৰ্জী আৰু চিপিএমৰ সাধাৰণ সম্পাদক এম এ বেবী। পথত উচ্চসিত সমদলকাৰীসকললৈ হাত জোঁকাৰি আটাইকেইজনে এই বাহনত গৈ ৰামলীলা ময়দানত উপস্থিত হয়। এই সমদলত বাঁওপন্থী সংগঠন এছএফআই, অসম জাতীয় পৰিষদ আদিয়েও অংশগ্ৰহণ কৰে।





























