দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : অন্ত কৰিব খুজিলেও যেন অন্ত নহয় এ পি এছ চি কেলেংকাৰীৰ গাঁথা। দেশ কঁপাই যোৱা অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ তথ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিমানেই থাপি থুপি থ’ব বিচাৰে, সিমানেই যেন এই কেলেংকাৰীৰ ন ন তথ্য এটাৰ পিছত আনটো ৰাজহুৱা হ’বলৈ আৰম্ভ কৰে।
তথাপিও যেন পালসেনাৰ ঠগ, প্ৰৱঞ্চক বাজপত্ৰিত বিষয়াক সুৰক্ষা দি ভাগৰি নপৰে -এই চৰকাৰ।
এপিএছচি কেলেংকাৰীৰ এতিয়া এক পৰীক্ষাৰ কেলেংকাৰীতকৈ অসমৰ প্ৰশাসন যন্ত্ৰৰ এক অন্যতম বৃহৎ কেলেংকাৰী হিচাপে পৰিগণিত হৈছে। সেইয়ে আমাৰো এই যুঁজ অন্তিম পৰ্যায়লৈ চলিব।
এ পি এছ চি কেলেংকাৰীৰ শেহতীয়াকৈ ৰাজহুৱা হৈছে- অসম পুলিচৰ চি আই ডিৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই ২২-৬-২০২৬ তাৰিখে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগলৈ প্ৰেৰণ কৰা এক বিস্ফোৰক প্ৰতিবেদন।
যিখনৰ নাম হৈছে -স্বয়ংসম্পূৰ্ণ প্ৰতিবেদন (Self Contained Report) যত খুব নিৰ্মোহ ভাৱে এপিএছচি কেলেংকাৰীৰ অনুসন্ধান সন্দৰ্ভত সকলো তথ্যৰ বিৱৰণ আছে।শেহতীয়াকৈ ৰাজহুৱা হোৱা এই ৰিপৰ্টত কিদৰে ভুৱা উত্তৰ বহী, উত্তৰ বহীৰ ভিতৰৰ ভুৱা পৃষ্ঠা সংলগ্ন কৰা, অকৰ্তৃত্বশীলভাৱে বহীৰ নম্বৰ বৃদ্ধি কৰা ইত্যাদিৰ উপৰিও ২০১৩ বৰ্ষৰ পৰীক্ষাৰ ৭৪ জন উত্তীৰ্ণ প্ৰাৰ্থীয়েই ইংৰাজীৰ মূল উত্তৰবহীত ৩২ পৃষ্ঠাৰ পূৰ্বে ৩৬ পৃষ্ঠা উদ্ধাৰ হোৱাৰ দৰে এক বিস্ফোৰক তথ্য প্ৰকাশ হয়।
দুৰ্নীতিৰ বিৰুদ্ধে বাঘৰ দৰে গৰজিম বুলি কোৱা, ১ লাখ ৭০ হেজাৰ নিকা নিযুক্তিৰ কথা কোৱা মুখ্যমন্ত্ৰী তথা গৃহ মন্ত্ৰীজনৰ বাকৰ তলতেই এইয়া ঘটি আছে।তদুপৰি ২০২৪ চনৰ জুন মাহতেই ইমান বিস্ফোৰক প্ৰতিবেদন দাখিল কৰাৰ পিছতো ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টোৱে স্বয়ং ৰাজ্যৰ গৃহ বিভাগৰ চূড়ান্ত ব্যৰ্থতা ফাদিল কৰিলে।





























