লাহৰীঘাট :
মৰিগাঁও জিলাৰ লাহৰীঘাটত উন্মুক্ত অৱস্হাত থকা মথাউৰিৰ বাবে আগতীয়া বানৰ আশংকাত চিন্তিত হৈ পৰিছে বৃহত্তৰ অঞ্চলৰ কৃষকৰ লগতে ইয়াৰ নৈপৰীয়া ৰাইজ । উল্লেখ্য যে মিকিৰগাঁৱৰ পৰা টেঙাগুৰি -কছাৰীগাঁৱৰলৈ প্ৰায় আঢ়ৈ কিলোমিটাৰ অঞ্চলজুৰি উন্মুক্ত অৱস্হাত আছে মথাউৰি । বাৰিষা সমাগত যদিও এই অঞ্চলৰ উন্মুক্ত মথাউৰি নিৰ্মাণৰ কাম আজিপৰ্যন্ত আৰম্ভ নোহোৱাত নৈপৰীয়া ৰাইজৰ লগতে কৃষক সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে । অঞ্চলটোত মথাউৰি নিৰ্মাণ নহ’লে আগতীয়া বানে ইয়াৰ কৃষকসকলৰ বিস্তৰ ক্ষতিসাধন কৰাৰ সম্ভাৱনা আছে । বৃহত্তৰ লাহৰীঘাট অঞ্চলৰ কৃষকৰ প্ৰধান খেতি হৈছে বৰোধানৰ খেতি । ইয়াৰ কৃষক সকলে অতি কষ্টৰে গাঁঠিৰ ধন খৰছ কৰি বৰো ধানৰ খেতি কৰিছে । কিন্তু অঞ্চলটোত এতিয়াও মথাউৰি নিৰ্মাণ নোহোৱাত আগতীয়া বানে বৰোধানৰ খেতি নষ্ট কৰাৰ সম্ভাৱনাত চিন্তিত হৈ আছে ইয়াৰ কৃষকসকল । জানিব পৰা মতে , অঞ্চলটোৰ উন্মুক্ত অংশত মথাউৰি নিৰ্মাণৰ বাবে ধন আবন্টন হৈছে যদিও এতিয়ালৈকে মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ হোৱা নাই । ইফালে লাহৰীঘাটৰ কাঠনি অঞ্চলত যোৱা কিছুদিন ধৰি ব্ৰহ্মপুত্ৰৰ ভয়াবহ গৰাখহনীয়া আৰম্ভ হৈছে । এই খহনীয়াত অঞ্চলটোৰ শ শ পৰিয়াল গৃহহীন হোৱাৰ লগতে নদীত জাহ গৈছে বিঘাই বিঘাই কৃষিভূমি ।সেয়ে শীঘ্ৰে উন্মুক্ত অঞ্চলটোৰ মথাউৰি নিৰ্মাণ কৰাৰ লগতে কাঠনি অঞ্চলৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইয়াৰ ৰাইজে বিভাগক দাবী জনাইছে ।
ADVERTISEMENT