HumanEvolution : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: কেৱল আধুনিক মানুহ বা হোমো ছেপিয়েন্সেই নহয়, বৰঞ্চ একাধিক আদিমানৱৰ আবিৰ্ভাৱ ঘটিছিল আফ্রিকাতেই। তাৰ পাছত তেওঁলোক আফ্রিকাৰ বাহিৰৰ বিভিন্ন স্থানত বিয়পি পৰে। আধুনিক মানুহ পৃথিৱীলৈ অহাৰ লাখ লাখ বছৰৰ পূৰ্বেই আদিমানৱসকলে আফ্রিকা বাহিৰত বিয়পি পৰিবলৈ আৰম্ভ কৰিছিল।
অথচ সেই বিয়পি পৰাৰ ব্যাপ্তি কিমান আছিল? বিজ্ঞানীসকলে ইমানদিনে যি ধাৰণা কৰিছিল, তাতকৈও ব্যাপকভাৱে আফ্রিকাৰ বাহিৰত বিয়পিবলৈ আৰম্ভ কৰিছিল আদিমানৱসকলে।
ইমানদিনলৈ আফ্রিকাৰ বাহিৰত আদিমানৱৰ অস্তিত্বৰ প্রাচীনতম প্রমাণ পোৱা গৈছিল জর্জিয়াত। পূব ইউৰোপ আৰু পশ্চিম এছিয়াৰ সংযোগস্থলত অৱস্থিত এই দেশখনৰ ডমনিছি অঞ্চলত পোৱা গৈছিল পাঁচটা লাওখোলাৰ জীৱাশ্ম।
যোৱা বছৰৰ শেষত এক গৱেষণাত দেখা গৈছিল যে সেইবোৰৰ বয়স প্রায় ১৮ লাখ বছৰ। এইবাৰ নতুন এক গৱেষণাত দেখা গ’ল, ইজৰাইলৰ এক প্রত্নতাত্ত্বিক অঞ্চলো জর্জিয়াৰ ডমনিছিৰ সমসাময়িক। প্রত্নতাত্ত্বিক গৱেষণাত একাংশ বিজ্ঞানীয়ে নিশ্চিত হৈছে যে ইজৰাইলৰ উবেইদিয়া অঞ্চলত পোৱা আদিমানৱৰ প্ৰস্তৰ সৰঞ্জামবোৰ আনুমানিক ১৯ লাখ বছৰৰ পুৰণি।
অর্থাৎ, কেৱল ডমিনিছেই নহয়, তাৰ পৰা প্ৰায় ১২০০ কিলোমিটাৰ দূৰৰ ইবেইদিয়াতো প্রায় একে সময়তে আদিমানৱসকলে বাস কৰিবলৈ আৰম্ভ কৰিছিল।
পৃথিৱীত আধুনিক মানুহ বা হোমো ছেপিয়েন্সৰ আবিৰ্ভাৱ হয় মাত্র তিনি লাখ বছৰৰ পূৰ্বে। তেওঁলোকে আফ্রিকাৰ বাহিৰত বিয়পিবলৈ আৰম্ভ কৰে তাৰো অনেক পাছত। মাত্র ৬০-৭০ হেজাৰ বছৰৰ পূৰ্বে (তাৰ আগতো আফ্ৰিকাৰ বাহিৰত আধুনিক মানুহৰ অস্তিত্বৰ প্ৰমাণ পোৱা গৈছে, কিন্তু সেয়া ব্যাপক আকাৰত নহয়); কিন্তু আধুনিক মানুহৰ আবিৰ্ভাৱৰ আগৰে পৰাই পৃথিৱীত বিভিন্ন মানৱপ্ৰজাতিৰ অস্তিত্ব আছিল।
সেই সকলৰ ভিতৰত হোমো হেবিলিছ, হোমো ইৰেক্টাছৰ দৰে কিছু প্ৰজাতিৰ আবিৰ্ভাৱ আফ্রিকাতেই হৈছিল। আদিমানৱৰ কোনটো প্রজাতিয়ে আফ্ৰিকাৰ বাহিৰত প্ৰথম ভৰি ৰাখিছিল, তাক লৈ বিজ্ঞানী মহলত বিভিন্ন মত আছে।
অৱশ্যে সবাতোকৈ প্রচলিত ধাৰণা অনুসৰি, হোমো ইৰেক্টাছসকলেই প্রথমে আফ্রিকাৰ বাহিৰলৈ ওলাইছিল। ইজৰাইলৰ উবেইদিয়া প্রত্নতাত্ত্বিক অঞ্চলটো বিগত কিছু দশক ধৰিয়েই বিজ্ঞানীসকলৰ বাবে আকৰ্ষণৰ অন্যতম কেন্দ্র হৈ উঠিছে।
কাৰণ ইয়াত এছুলিয়ান (শিলক দুফালৰ পৰা ঘঁহি, চাঁচি চোকা কৰা পদ্ধতি) প্ৰস্তৰ সৰঞ্জামৰ নিদর্শন আছে। আনুমানিক চাৰে ১৭ লাখ বছৰৰ পূর্বে আফ্রিকাত প্ৰথমবাৰলৈ এই পদ্ধতিৰ বিকাশ ঘটিছিল।
উবেইদিয়া অঞ্চলত এছুলিয়ান পদ্ধতিত কুঠাৰসহ বিভিন্ন সৰঞ্জাম উদ্ধাৰ হোৱাত বিজ্ঞানীসকল নিশ্চিত হয় যে ইয়াত যি মানৱ প্ৰজাতিয়ে বাস কৰিছিল তেওঁলোক আফ্ৰিকাৰ পৰাই আহিছিল। অৱশ্যে তেওঁলোকে কোন সময়ত উবেইদিয়া অঞ্চলত বাস কৰিবলৈ আৰম্ভ কৰিছিল? ইমান দিনে ধাৰণা কৰা হৈছিল যে আনুমানিক ১২-১৬ লাখ বছৰৰ পূর্বে আফ্ৰিকাৰ পৰা আদিমানৱসকলে সেই স্থানত উপস্থিত হৈছিল।
অৱশ্যে সাম্প্রতিক গৱেষণাই সেই সময়কালক আৰু কিছু লাখ বছৰ পিছুৱাই দিলে।উবেইদিয়া অঞ্চলৰ ওপৰত এই নতুন গৱেষণাত নেতৃত্ব দিয়ে জেৰুজালেমৰ হিব্রু বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰি মাতমন হাইফা বিশ্ববিদ্যালয়ৰ অধ্যাপক ওমৰি বাৰজিলাই আৰু টুলছা বিশ্ববিদ্যালয়ৰ অধ্যাপক মিৰিয়াম বেলমেকাৰে।
তিনিটা ভিন্ন পদ্ধতিত তেওঁলোকে উবেইদিয়া অঞ্চলৰ বয়স নির্ধাৰণৰ চেষ্টা কৰে। তাতেই দেখা যায় যে অঞ্চলটো কমেও ১৯ লাখ বছৰৰ পুৰণি, যি আফ্ৰিকাৰ বাহিৰলৈ আদিমানৱ বিয়পি পৰাৰ সময়ৰেখাক উল্লেখযোগ্যভাবে সলাই পেলাইছে।






























