সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছৰ সংক্ৰমণক প্ৰতিৰোধ কৰিবলৈ তলাবন্ধ ঘোষণা কৰা হৈছে। তেনে সময়তে বিশ্বৰ লগতে দেশত দিয়া তলাবন্ধৰ কাৰণে বিভিন্ন প্ৰান্তত বন্দী হৈ আছে দেশৰ ছাত্ৰ ছাত্ৰীৰ লগতে অন্যান্য কামত নিয়োজিত লোকসকল ৷ এই সময়তে গৃহ মন্ত্ৰ্যালয়ে বিশ্বৰ ১২ খন দেশত আৱদ্ধ হৈ থকা নাগৰিকসকলক ভাৰতলৈ অনাৰ প্ৰস্তুতি কৰিছে ।সাত মে’ৰ পৰা আৰম্ভ হ’বলগীয়া এই অভিযানত ১২ খন দেশলৈ প্ৰায় ৬৪ খন বিমান প্ৰেৰণ কৰিব। আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত থকা ১৪ হাজাৰ ৮০০ লোক দেশলৈ আহিব পাৰিব।
প্ৰত্যেক দিনে প্ৰায় ২০০০ লোকক এনেদৰে অনাৰ পৰিকল্পনা কৰিছে গৃহমন্ত্ৰ্যালয়ে ।কিন্তু এই লোকসকল ভাৰতলৈ অহাৰ পূৰ্বে কিছুমান নীতি নিৰ্দেশনা মানি চলিব লাগিব। লগতে তেওঁলোকে কৰ’না ভাইৰাছৰ উপস্থিতিৰ পৰীক্ষা কৰাটোও অত্যন্ত প্ৰয়োজনীয়। ইপিনে গৃহমন্ত্ৰ্যালয়ক মতে যিসকল লোকৰ শৰীৰত কৰ’নাৰ লক্ষণ নাই তেওঁলোকহে এই যাত্ৰাৰ কাৰণে অনুমতি লাভ কৰিব ৷ ভৰত অহাৰ পিছতো তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ’ব আৰু ১৪ দিনৰ কোৱাৰেন্টাইনত ৰখা হ’ব ।আনহাতে ইউকে,ইউৰোপ,কত্তৰ,চাউদী আৰৱ,চিংগাপুৰ,মালেছিয়া,ফিলিপাইনছ,বাংলাদেশ,কুৱেত আদিলৈ ভাৰতীয় বিমান গৈ আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰিব ৷উল্লেখযোগ্য যে আৱদ্ধ হৈ থকা লোকসকলক
১.প্ৰথম দিন অৰ্থাৎ সাত মে’ত নখন দেশৰ পৰা ২৩০০ লোক কোচি,মুম্বাই,দিল্লী,হাইদৰাবাদ,আহমেদাবাদ আৰু শ্ৰীনগৰলৈ যাত্ৰা কৰিব।
২.৮ খন দেশৰ পৰা প্ৰায় ২০৫০ জন ভাৰতীয় চেন্নাই,কোচি,মুম্বাই,আহমেদাবাদ,বেংগালুৰু আৰু দিল্লীলৈ আহিব ৷
৩.তৃতীয় দিনত ৯ খন দেশৰ পৰা ২০৫০ ভাৰতীয় মুম্বাই,কোচি,হাইদৰাবাদ,লক্ষ্ণৌ আৰু দিল্লীলৈ আহিব ৷
৪.চতুৰ্থ দিনত চাৰিখন দেশৰ পৰা ১৮৫০ জন লোক কোচি,চেন্নাই,মুম্বাই,দিল্লী আৰু হাইদৰাবাদলৈ আহিব।
৫.পঞ্চম দিনত ৯ খন দেশৰ পৰা ২২০০ জন লোক কোচি,চেন্নাই,দিল্লী,আহমেদাবাদ,বেংগালুৰু আৰু শ্ৰীনগৰলৈ আহিব ৷
৬.ষষ্ঠ দিনত ১০ খন দেশৰ পৰা ২৫০০ জন লোক হাইদৰাবাদ,দিল্লী,বেংগালুৰু,শ্ৰীনগৰ,আহমেদাবাদ,কোচি আদিলৈ আহিব।
৭.সপ্তম দিনত ৮ খন দেশৰ পৰা ১৮৫০ জন লোক চেন্নাই,দিল্লী,হাইদৰাবাদ আৰু অমৃতসৰলৈ আহিব ৷
ইপিনে,যিসকল লোকক ভাৰতলৈ অনা হ’ব তেওঁলোকৰ কাৰণেও চৰকাৰৰ পৰা কিছুমান চৰ্ত দিয়া হৈছে ৷ইয়াৰ ভিতৰত লোকসকলে নিজৰ খৰচত কৰ’না ভাইৰাছৰ উপস্থিতিৰ টেষ্ট কৰাব লাগিব। আৰু ভাৰতলৈ আহোঁতে লগত সেই কৰ’না ভাইৰাছৰ টেষ্ট চাৰ্টিফিকেটখন লৈ আহিব লাগিব। সকলো লোকে বিমানৰ ভাৰাৰ দায়িত্ব নিজেই বহন কৰিব লাগিব ।আৰু ভাৰতলৈ অহাৰ পিছত ১৪ দিন কোৱাৰেন্টাইনত থাকিব লাগিব। কোৱাৰেন্টাইনত থকাৰ খৰছো যাত্ৰীসকলে বহন কৰিব লাগিব ।
ADVERTISEMENT