Women Scam:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক::বিয়াৰ প্রলোভনৰে এগৰাকী মহিলাৰ স’তে দৈহিক সম্পর্ক স্থাপন কৰি পাছত মহিলাগৰাকীক প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত বিধানসভাৰ উপাধ্যক্ষ তথা বিজেপি বিধায়ক ডাঃ হাবে তেৰণে কাৰ্বি প্রথাগত আইনপীঠৰ ওচৰৰ পৰাও বিভিন্ন অজুহাত দি আঁতৰি ফুৰিছে।
বৃহস্পতিবাৰে এখন সংবাদমেলত পীঠে ডাঃ তেৰণৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি কয়, ‘আইন অনুসৰি পূৰ্বে বিষয়টো সমাধানৰ চেষ্ট চলোৱা হৈছিল যদিও বিধানসভা নির্বাচনক আঙুলিয়াই বিভিন্ন অজুহাত দি তেওঁ আঁতৰি ফুৰিলে। নিৰ্বাচনত জয়যুক্ত হোৱাৰ পাছত ডাঃ তেৰণে বিচাৰত উপস্থিত থকা বা বিষয়টোলৈ সঁহাৰি জনোৱাতো অনীহা প্রকাশ কৰি আহিছে। ইতিমধ্যে তেওঁৰ গৃহলৈ জাননী জাৰি কৰা হৈছে।’
উল্লেখ্য যে কাবিন কিলিংপি নামৰ এগৰাকী মহিলাই অলপতে অভিযোগ উত্থাপন কৰা অনুসৰি, বিগত কৰ’না মহামাৰীৰ সময়ত বিয়াৰ প্রলোভন দি তেওঁৰ স’তে ডাঃ তেৰণে দৈহিক সম্পর্ক স্থাপন কৰিছিল। সেই সূত্রে তেওঁ এটি পুত্ৰ সন্তানৰ মাতৃ হয়। সম্প্ৰতি শিশুটিৰ বয়স পাঁচ বছৰ হৈছে। শিশুটি ডাঃ তেৰণৰ পুত্ৰ বুলি প্ৰমাণৰ বাবে তেওঁ ডিএনএ পৰীক্ষা কৰাবলৈও দাবী জনাইছে।
স্বাভাৱিকতে মহিলা গৰাকীৰ এই অভিযোগে দল আৰু চৰকাৰকো চৰম অস্বস্তিলৈ ঠেলি দিছে। কার্বি প্রথাগত পীঠে লগতে কয় যে বিষয়টো সম্পর্কত কাইলৈ চূড়ান্ত শুনানি গ্রহণ কৰা হ’ব। এই শুনানিত উপস্থিত থাকিবলৈ অভিযোগকাৰী আৰু অভিযুক্ত দুয়ো পক্ষলৈ জাননী জাৰি কৰা হৈছে বুলিও পীঠে সদৰী কৰে।
ADVERTISEMENT






























