টেলিভিছনৰ জনপ্ৰিয় অপৰাধ ধাৰাবাহিক ‘ক্ৰাইম পেট্ৰল’ৰ অভিনেত্ৰী প্ৰেক্ষা মেহতাই যোৱা সোমবাৰে নিশা গৃহ নগৰ ইন্দুৰত থকা নিজ বাসগৃহত আত্মহত্যা কৰিছিল।অভিনেত্ৰীগৰাকীয়ে আত্মহননৰ পূৰ্বে এখন পত্ৰ লিখিছিল আৰু এই পত্ৰখনে শেহতীয়াভাৱে সংবাদ মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰিছে। পত্ৰত প্ৰেক্ষাই উল্লেখ কৰা মতে, সপোনবোৰ ভাঙিবলৈ ধৰা তেওঁ আত্মবিশ্বাস হেৰুৱাই জীৱনৰ প্ৰতি মোহভংগ হৈ চৰম পদক্ষেপ ল’বলৈ বাধ্য হ’ল । ২৫ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে পত্ৰখনত এইদৰে লিখিছিল, ‘ভাঙি যোৱা সপোনবোৰে মোৰ আত্মবিশ্বাস নোহোৱা কৰিলে। মই মৃত সপোনবোৰৰ স’তে জীয়াই থাকিব নোৱাৰো । এই নেতিবাচক দৃষ্টিভংগীৰে জীৱন অতিবাহিত কৰা কঠিন। বিগত এবছৰত মই বহু চেষ্টা কৰিলো। এতিয়া মই ভাগৰি পৰিলো।’
অৱশ্যে প্ৰেক্ষাই তেওঁৰ আত্মহননৰ বাবে কোনো ব্যক্তিক জগৰীয়া কৰা নাই। অভিনেত্ৰীগৰাকীৰ আত্মীয়ই প্ৰকাশ কৰা মতে, ধাৰাবাহিক তলাবন্ধৰ ফলত ঘৰতে কৰ্মহীন হৈ দিন অবিবাহিত কৰা প্ৰেক্ষা মানসিকভাৱে যথেষ্ট ভাগি পৰিছিল। প্ৰেক্ষাই’ ক্ৰাইম পেট্ৰ্ল’ৰ লগতে ‘লাল, ‘মেৰী দুৰ্গা ‘ আদি ধাৰাবাহিকতো অভিনয় কৰিছিল। সোমবাৰে নিশা অভিনেত্ৰীগৰাকীয়ে চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰিছিল। তলাবন্ধৰ সময়তে প্ৰেক্ষাই মুম্বাইৰ পৰা ইন্দোৰৰ উভতি আহিছিল।






























