প্ৰতিভা থাকিলে দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত কোনো হেঙাৰ হব নোৱাৰে তাকে প্ৰমাণ কৰিলে বাক্সাৰ দুই কৃতীমানে ৷ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুছলপুৰৰ কলাগুৰু বিষ্ণুৰাভা হাইস্কুলৰ পৰা সৰ্বমুঠ ৩৮৯ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে দিগন্ত ৰয় নামৰ ছাত্ৰজনে ৷
পুত্ৰৰ সাফল্যত আনন্দিত হৈ পৰিছে ঠেলা চালক পিতৃ আৰু মাতৃ ৷ দিগন্ত ৰয়ে ইংৰাজীত ৫১, অসমীয়াত ৫৮ ,গণিতত ৬০ , বিজ্ঞানত ৬৫ সংস্কৃতত ৮৪ আৰু সমাজ বিদ্যাত ৬৫ সহ সৰ্বমুঠ ৩৮৩ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হয়৷ উল্লেখ্য যে পিতৃ আঘোনা ৰয়ে প্ৰতিদিনে পুৱাই ঠেলাখন লৈ ওলাই যায় আৰু উপাৰ্জনৰ ধনেৰে পৰিয়ালৰ ভৰন পোষণৰ লগতে পুত্ৰৰ পঢ়াৰ ক্ষেত্ৰত যত্ন লয়৷ পিতৃৰ অসুখ হ’লে মাজে মাজে দিগন্তইও ঠেলাখন লৈ ওলাই যায় দুপইচা অৰ্জনৰ বাবে ৷ মাকে হাঁঁহ , কুকুৰা,ছাগলী পুহিও কিছু টকা সংগ্ৰহ কৰে ৷ পিছে দিগন্তৰ নাই এখন পঢ়া টেবুল ৷ বিচনাতেে পঢ়ে,বিচনাতে শোৱে ৷ এনে দৰিদ্ৰতাৰ মাজত থাকি যিখিনি পাইছে তাতে সুখী বুলি কয় দিগন্তই ৷ দিগন্ত ৰয়ৰ সপোন এজন উচ্চ শিক্ষিত ব্যক্তি হৈ সমাজ সেৱা কৰা ৷
ইফালে মুছলপুৰ আকাশ জাতীয় বিদ্যালয়ৰ পৰা পৰীক্ষা দি আজি উত্তীৰ্ণ হৈছে প্ৰিয়ংকা মডক নামৰ আন এগৰাকী ছাত্ৰী ৷ এইগৰাকী ছাত্ৰীৰ থাকিবলৈ নিজা ঘৰমাটি নাই ৷ দেউতাক মন্টু মডক এজন ক্ষুদ্ৰ ব্যৱসায়ী ৷ দোকানে দোকানে , বজাৰে বজাৰে চানা ভাজা বিক্ৰী কৰি ফুৰে ৷ কিন্তু প্ৰিয়ংকাৰ লগত কথা পাতিলেই ধৰিব পাৰি তাইৰ যে আকাশ চুবৰ এটা মন আছে ৷ দৰিদ্ৰতা আৰু শিক্ষা দুটা সুকীয়া বস্তু ৷ এসাজ খাব নাপালেও শিক্ষাক আগুৱাই নিছে দিগন্ত,প্ৰিয়ংকাই ৷ মাক দেউতাক, শিক্ষক শিক্ষয়িত্ৰীৰ যত্নত প্ৰিয়ংকাই মুছলপুৰ আকাশ জাতীয় বিদ্যালয়ৰ পৰা পৰীক্ষা দি অসমীয়াত ৮২ , হিন্দীত ৬৫, গনিতত ৬৬, বিজ্ঞানত ৫৮, সমাজবিদ্যাত ৮০ আৰু ইংৰাজীত ৫১ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৷