Janata Bhawan:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:অসম সচিবালয়ৰ কৰ্মচাৰীয়ে এতিয়াৰে পৰা কাৰ্যালয়লৈ পৰিধান কৰি অহা পোছাকক লৈ সাৱধান হ’ব লাগিব; অন্যথা অনুশাসনমূলক কার্যব্যৱস্থাৰ সন্মুখীন হ’ব পাৰে অসম চৰকাৰে শুকুৰবাৰে নিৰ্ধাৰণ কৰি দিয়া পোছাক বিধি ভংগকাৰী জনতা ভৱনৰ বিষয়া-কর্মচাৰী।
উল্লেখ্য যে দিছপুৰৰ অসম চৰকাৰৰ সাধাৰণ প্রশাসন (সচিবালয় প্রতিষ্ঠান) বিভাগে জাৰি কৰা নতুন পোছাক বিধি সম্পর্কীয় নির্দেশনাৱলীত সাজ-পোছাক সন্দৰ্ভত নীতি স্পষ্ট কৰি দিয়া হৈছে। এই পৰিস্থিতিত নিজৰ ইচ্ছানুসৰি যিকোনো পোছাক পৰিধানৰ দিনৰ অন্ত পৰিল। জনতা ভৱনত কৰ্মৰত সকলে এতিয়াৰে পৰা জিনছ, টি চার্ট অথবা ছেণ্ডেল পৰিধান কৰি কার্যালয়লৈ আহিব নোৱাৰিব।
শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱা এই পোছাক বিধি অনুসৰি কৰ্তব্যৰত অৱস্থাত জিনছ, টি চার্ট, লেগিংছ আদি কেজুরেল অর্থাৎ অনানুষ্ঠানিক পোছাক পিন্ধি অহাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। পুৰুষ কৰ্মচাৰীসকলে কাৰ্যালয়লৈ আহোতে মার্জিত ফর্মেল চার্ট আৰু পেন্ট পৰিধান কৰিব লাগিব। তদুপৰি পৰম্পৰাগত ভাৰতীয় পোছাক যেনে কৃর্তা, ধৃতি-পাইজামা আৰু অন্যান্য শালীন পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিব লাগিব।
পুৰুষসকলেও টি চার্ট, জিনছ আদি পৰিধান কৰিব নোৱাৰিব। আনহাতে, মহিলা কৰ্মচাৰীসকলে শালীন ছেলোৱাৰ ছ্যুট, শাড়ী অথবা মেখেলা চাদৰ পৰিধান কৰিব পাৰিব। নিৰ্দেশনাত স্পষ্ট কৰি দিয়া হৈছে যে মহিলাসকলেও সাধাৰণ/ কেজুৱেল পোছাক যেনে টি চার্ট, জিনছ, টিউনিক আৰু লেগিংছ পৰিধান কৰিব নোৱাৰিব।
কেবল পোছাকেই নহয়, জোতা-ছেণ্ডেলৰ ক্ষেত্ৰতো নির্দিষ্ট নির্দেশনা জাৰি কৰিছে সাধাৰণ প্ৰশাসনে। কার্যালয়ত আনুষ্ঠানিক পৰিৱেশ বজাই ৰাখিব পৰাকৈ উপযুক্ত আৰু ভদ্র জোতা-ছেণ্ডেল পৰিধান কৰিব লাগিব। কেজুৱেল জোতা-ছেণ্ডেল- ক্রকছ, ফ্লিপ-ফ্লপ (ছেণ্ডেল) আৰু আনুষ্ঠানিক জোতা-ছেণ্ডেল সম্পূর্ণরূপে পৰিহাৰ কৰিব লাগিব। সামগ্রিকভাবে বেশভূষা নিৰ্ধাৰণ কৰি দি নির্দেশিকাত ৰঙৰ কথাও উল্লেখ কৰা হৈছে। সংশ্লিষ্ট সকলোৱে মাৰ্জিত ৰঙৰ পৰিষ্কাৰ, ভদ্র শালীন পোছাক পৰিধান কৰিব লাগিব। উজ্জ্বল অথবা জকমকীয়া হ’ব নালাগিব।
চৰকাৰী কৰ্তব্য পালন, প্রশিক্ষণ কার্যসূচী অথবা চৰকাৰী সভা-সমিতিত কোনোদিনে কেজুৱেল আৰু পার্টি পোছাক পৰিহাৰ কৰিব লাগিব। ইয়াত কোৱা হৈছে যে সচিবালয় প্রশিক্ষণ বিদ্যালয়, এএএছচি আৰু অন্যান্য চৰকাৰী প্ৰশিক্ষণ প্রতিষ্ঠানসমূহত অনুষ্ঠিত প্রশিক্ষণ কার্যসূচীত অংশগ্রহণ কৰোতেও এই নিয়ম মানি চলিব লাগিব। অসম চৰকাৰৰ সাধাৰণ প্ৰশাসনৰ উপ-সচিব মানৱজ্যোতি বৰুৱা স্বাক্ষৰিত নির্দেশনাত কোৱা হৈছে যে এই ক্ষেত্ৰত যিকোনো ধৰণৰ উলংঘন গুৰুত্বসহকাৰে গ্ৰহণ কৰা হ’ব আৰু উপযুক্ত তথা সঠিক বুলি বিবেচিত হ’লে ভুল কৰা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে উপযুক্তমূলক অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰা হ’ব।
পোছাক সম্পৰ্কীয় পৰামৰ্শাৱলী শীর্ষক এই নির্দেশনাত উল্লেখ যে দিছপুৰস্থিত জনতা ভৱনৰ একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে কৰ্তব্য পালনৰ সময়ত পৰিধান কৰা কিছুমান পোছাক অমার্জিত হোৱাৰ লগতে ৰাইজৰ দৃষ্টিত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ভাবমূর্তি ম্লান কৰাটো দৃষ্টিগোচৰ হৈছে। এনে পোছাকে চৰকাৰকো অস্বস্তিত পেলাইছে। সেয়েহে জনতা ভৱনৰ কৰ্মচাৰীসকলৰ উচ্চ পৰ্যায়ৰ মৰ্যাদা, অনুশাসন আৰু শালীনতা বজাই ৰখাৰ স্বাৰ্থত ইয়াত কৰ্মৰত সকলো পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীৰ কাৰ্যালয়ৰ সময়ছোৱাত, চৰকাৰী কাৰ্যসূচী, সভা, চৰকাৰী অনুষ্ঠান আৰু লগতে প্রশিক্ষণ কাৰ্যসূচীৰ সময়ত ‘শালীনতাবোধ’, ‘ভদ্রতা’, ‘পেছাদাৰিত্ব’ আৰু ‘গাম্ভীর্যতা’ প্রতিফলিত হোৱাকৈ উপযুক্ত পোছাক পৰিধান কৰিবলৈ পৰামৰ্শ দিয়া বুলি উল্লেখ কৰা হৈছে।
ইয়াত উল্লেখ যে জনতা ভৱন, দিছপুৰত কৰ্মৰত সকলো বিষয়া-কৰ্মচাৰী অৱগত হোৱাকৈ এই পোছাক বিধি জাৰি কৰা হৈছে। দিছপুৰৰ জনতা ভৱনত কৰ্মৰত প্ৰতিজনে ইয়াক কঠোৰভাৱে পালন কৰিব লাগিব বুলিও পোছাক বিধিৰ নিৰ্দেশনাৱলীত উল্লেখ কৰা হৈছে।
ADVERTISEMENT






























