সুশান্ত সিং ৰাজপুতৰ লগত প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ হোৱাৰ পিছত অংকিতা লোখণ্ডেৰ জীৱনলৈ আহিছিল বিক্কী জৈন ৷ অংকিতা আৰু বিক্কী তেওঁলোকৰ এজন বন্ধুৰ পাৰ্টিত সাক্ষাৎ হৈছিল ৷ আৰু পিচত সেই বন্ধুত্বই প্ৰেমলৈ ৰূপান্তৰিত হৈছিল ৷অংকিতাই বিক্কীৰ লগতে সততে ছ’চিয়েল মিডিয়াত বিভিন্ন ফ’টো শ্বেয়াৰ কৰি থাকে। কিন্তু সম্প্ৰতি সুশান্তৰ মৃত্যুৰ পিচত বিক্কীয়ে ইনষ্টাগ্ৰাম একাউণ্টত কমেন্ট চেকশ্বন বন্ধ কৰি দিয়ে ৷ যাৰ কাৰণে এতিয়া বিক্কীৰ প’ষ্টত কোনেও কমেন্ট দিব নোৱাৰে । বিগত সময়ত অংকিতাই কৈছিল যে লকডাউনৰ সময়ত বিক্কীলৈ বহুত মনত পৰিছে ৷ কাৰণ তলাবন্ধত বিক্কী নিজৰ পৰিয়ালৰ লগত আছে ৷
ইপিনে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত সকলোৰে মনত এটাই প্ৰশ্ন আছিল যে কেনে আছে অংকিতা ? আৰু কেনে আছে বিক্কী আৰু অংকিতাৰ সম্পৰ্ক ৷ কাৰণ এটা সময়ত সুশান্ত আৰু অংকিতাৰ প্ৰেমে যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ইয়াৰ মাজতে আৰতি সিঙে কয় যে অংকিতাক এতিয়া অলপ সময় লাগে ৷ উল্লেখযোগ্য যে ১৪ জুনত আত্মহত্যা কৰা সুশান্তৰ ঘৰলৈ খবৰ ল’বলৈ গৈছিল অংকিতা৷ সুশান্তৰ আত্মহত্যাত একেবাৰে ভাগি পৰা অংকিতাই এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। অৱশ্যে সুশান্তৰ বন্ধুয়ে কোৱা অনুসৰি অংকিতাই সাম্প্ৰতিক পৰিস্থিতিৰ লগত সন্মুখীন হ’বলৈ প্ৰস্তুত হোৱা নাই।





























