আজি বলিউদৰ জনপ্ৰিয় অভিনেতা তথা বলিউদৰ ‘খিলাড়ী’ অক্ষয় কুমাৰৰ ৫৩ সংখ্যক জন্মদিন । জন্মদিনৰ দিনা বলিউদৰ অভিনেত্ৰী কৰীণা কাপুৰে অক্ষয় কুমাৰৰ স’তে নিজৰ ফটো শ্বেয়াৰ কৰাৰ বিপৰীতে শ্বেয়াৰ কৰিলে কৰিশ্মা আৰু অক্ষয়ৰ এখন ফটো ।
ফটোখনৰ লগত লিখে যে, “এয়াই সেইজন যাক মই জানো, যাক মই সদায় মনত ৰাখিম । মই আপোনাক এয়াই মনত পেলাই দি থাকিম যে লল’ আপোনাৰ প্ৰথম সহকাৰী অভিনেত্ৰী আৰু আপুনি মোৰ সকলোতকৈ ভাললগা সহকাৰী অভিনেতা। আপুনি সদায় শ্ৰেষ্ঠ । Happy birthday to the one and only Akshay Kumar.”
কৰিশ্মা কাপুৰ আৰু অক্ষয় কুমাৰে সুহাগ ছবি খনকে ধৰি দিল ত’ পাগল হে, এক ৰিচতা : দ্য ব’ণ্ড অৱ লাভ, সাপুত, য়ে দিল্লগী, হা মেনে ভি প্যাৰ কিয়া হে, মেৰে জীৱন সাথী আৰু বহুকেইখন বলিউদৰ ছবিত একেলগে অভিনয় কৰিছিল ।
কৰীণাই পোষ্ট কৰাৰ কেইমিনিটমানৰ পাছতে কৰিশ্মাই ইনষ্টাগ্ৰামত সেই পোষ্টটো অতীতৰ স্মৃতিক মনত পেলাই পুনৰ শ্বেয়াৰ কৰে ইনষ্টাগ্ৰামত ।
আনহাতে, কৰীণা কাপুৰ আৰু অক্ষয় কুমাৰে ইয়াৰ আগেয়ে kambakkhat Ishq, Aitraaz, Tashan, Ajnabee আৰু Gabbar is Back ছবিকেইখনত একেলগে অভিনয় কৰিছিল। শেহতীয়াভাৱে দুয়োকে ২০১৯ত হিট ছবি ‘গুড নিউজ’ত দেখিবলৈ পোৱা গৈছিল। ছবিখনৰ পৰিচালক আছিল ৰাজ মেহতা আৰু প্ৰযোজনা কৰিছিল কৰণ জোহৰে।
বাণিজ্যিক ভাৱে বহু সফল ছবিৰ মূল এই অভিনেতাগৰাকীয়ে দেশৰ বহু জনকল্যাণ মূলক কামতো বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা সমগ্ৰ বিশ্বই জানে। ইয়াৰোপৰি সকলো ধৰণৰ অভিনয় শৈলীৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা বলিউডৰ জনপ্ৰিয় খিলাড়ী হিচাপে পৰিচিত অক্ষয় কুমাৰে ইতিমধ্যে প্ৰায় ১৩০ খন ছবিৰে বলিউদ সমৃদ্ধ কৰি তুলিছে।
আনহাতে, এই অভিনেতা গৰাকী সদায়ে বিতৰ্ক পৰিহাৰ কৰি সুস্থ ৰুচিসম্পন্ন জীৱন কটাব বিচাৰে । ২০০৯ত পদ্মশ্ৰী উপাধিৰে বিভূষিত অভিনেতাগৰাকী ঈৰ্ষণীয় ভাৱে বলিউদৰ আটাইতকৈ “ফিট”হিৰো ।