বঙাইগাঁৱৰ পাগলাস্থানৰ ৰেলৱেৰ নিউ কলনীৰ কোৱাটাৰ নং ২০৪/এ ত আৰক্ষীয়ে অভিযান চলায় । নিউ বঙাইগাঁও ৰেল বিভাগৰ কাৰ্যালয়ৰ অধীক্ষক প্ৰদীপ মজুমদাৰৰ ঘৰত আৰক্ষীয়ে বিয়লি ১ বজাৰ পৰা কৰা এই অভিযানত প্ৰায় কোটি টকা জব্দ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে আজি ৰেল বিভাগৰ কৰ্মচাৰী দেৱৰাজ দাসৰ বৰপেটাৰ ঘৰৰ পৰা প্ৰায় দুই কোটি আৰু ৰুপম দাসৰ অভয়াপুৰীৰ শহুৰেকৰ ঘৰৰ পৰা প্ৰায় তিনি কোটি টকা উদ্ধাৰ কৰি জব্দ কৰে৷
আনহাতে নিউ বঙাইগাঁও ৰেল বিভাগত দীৰ্ঘ দিনৰ পৰা বৃহৎ তেলৰ কেলেংকাৰীৰ সংঘটিত হৈ অহাত আজি গুৱাহাটীৰ পৰা অহা আৰক্ষীৰ বিশেষ শাখাৰ অভিযানকাৰী দলে বঙাইগাঁও আৰক্ষীৰ সহযোগত কে’বা ঠাইত অভিযান চলায়৷ ইপিনে আৰক্ষীৰ অভিযান এতিয়াও অব্যাহত আছে ।
বঙাইগাঁৱৰ ৰেল কলনিত কিমান টকা উদ্ধাৰ হৈছে সেয়া নিশ্চিত নহয় যদিও বৃহৎ পৰিমানৰ কলা ধন উদ্ধাৰ হোৱাটো নিশ্চিত কৰিছে আৰক্ষীয়ে।





























