৩২ হেজাৰ বছৰ পুৰণি বীজৰ পৰা গজি উঠিছে ফুল গছ। লগে লগে সৃষ্টি হ’ল এক নতুন ইতিহাসৰ। ইয়াৰ পূর্বে এই ক্ষেত্ৰত অভিলেখ আছিল ৩০ হেজাৰ বছৰৰ গৱেষকসকলৰ দ্বাৰা এই বীজ উদ্ধাৰ হয় ৰাছিয়াৰ উত্তৰ-পূব চাইবেৰিয়াস্থিত কোলাইমা নদীৰ পাৰত। সংশ্লিষ্ট কর্তৃপক্ষৰ দ্বাৰা এই কথা নিশ্চিত কৰাৰ লগতে কোৱা হয় যে ৩২ হেজাৰ বছৰ পূর্বে তুষাৰযুগতে জমা হৈছিল এই বীজ।
উদ্ধাৰ কৰা বীজৰ মাজত পৈণত তথা অপৈণত দুয়াে ধৰণৰ বীজেই আছে। ভূপৃষ্ঠৰ পৰা প্ৰায় ১২৪ ফুট তলৰ স্তৰত আছিল এই বীজবিলাক। প্রাগঐতিহাসিক মেমথ, বাইচন আদিৰ হাড়ৰ অংশত ভূ-গর্ভৰ এই স্তৰটোত লাভ কৰা হৈছে। ‘পাৰমাফ্রষ্ট’ নামেৰে পৰিচিত এই স্তৰ সাধাৰণতে উত্তৰ আৰু দক্ষিণ দুই মেৰুসহ বিশ্বৰ অতিকৈ শীতল স্থানত পােৱা যায়।
যি স্থানত ভূ-গর্ভৰ তাপমাত্রা অন্ততঃ দুবছৰতকৈ অধিক দিনলৈ শূন্য ডিগ্ৰী ছেলচিয়াছৰ তলত থাকে। তেনে অৱস্থাতহে এনে স্তৰৰ সৃষ্টি হয়। মাটি, শিল তথা বালি বৰফৰ স’তে একেলগে জমা হৈ থাকে এই স্তৰত। দীর্ঘ সময় ধৰি বৰফৰে আবৃত্ত হৈ থকা এই ভূ-অঞ্চলৰ স্বাভাৱিকতে জীৱ বিজ্ঞানৰ বিভিন্ন উপাদানৰ আকৰ স্বৰূপ। এনে ভূমিভাগত ‘ফচিল’ অৱস্থাত বহু প্রাগঐতিহাসিক নিদর্শনাে উদ্ধাৰ হয়।
প্রাণী তথা উদ্ভিদ বিজ্ঞানীসকলে ধাৰণা কৰা অনুসৰি ৩২ হেজাৰ বছৰ পূর্বে এই উদ্ধাৰ হােৱা বীজ কোনাে চাইবেৰিয়ান মেকুৰীয়ে জমা কৰি ৰাখিছিল। পৰিণতিত বহু বীজ নষ্ট হৈয়াে গৈছিল। সম্ভৱতঃ মেকুৰীটোৱে এই বীজৰ দ্বাৰা নিজে ত্যাগ কৰা শৌচ ঢাকিবলৈ চেষ্টা কৰিছিল। এই বীজৰ দ্বাৰাই চাইলেন ষ্টেল’ফাইলা’ প্রজাতিৰ চাৰাগছৰ সৃষ্টি কৰা হয়।পৰীক্ষাগাৰত। ৰাছিয়াৰ চাইবেৰিয়া অঞ্চলত এনে গছ দেখিবলৈ পােৱা যায়। কিন্তু স্বাভাৱিকভাৱে গজা এনে গছতকৈ পৰীক্ষাগাৰত সৃষ্ট গছৰ ফুলৰ আকাৰ কিছু ভিন্ন হােৱাও দেখিবলৈ পােৱা গৈছে।
পৰীক্ষাগাৰত সৃষ্ট এনে গছৰ পৰা এবছৰ পাছতে নতুন বীজ লাভ কৰাটো সম্ভৱ হৈছে। বিভিন্ন বিজ্ঞান বিষয়ক আলােচনীত এই সন্দৰ্ভত একাধিক প্রতিবেদনে প্রকাশ পাইছে। ইজৰাইলৰ বিজ্ঞানী গ্রলাইন চলােওৱে ভৱিষ্যতে ভূ-গর্ভৰ এই স্তৰক লৈ অনুসন্ধান অব্যাহত ৰখাৰ কথা জনাইছে। বিজ্ঞানীজনে ধাৰণা কৰা অনুসৰি বর্তমান হেৰাই যােৱা বহু উদ্ভিদৰ এই স্তৰটোত সন্ধান লাভ কৰাটো সম্ভৱ হৈ উঠিব পাৰে। বিজ্ঞানীজনৰ গৱেষণাত দুহেজাৰ বছৰ পুৰণি আম আৰু খেজুৰ গছৰ বীজৰ পৰা ফুলগছৰ সৃষ্টি কৰিছিল।
বাস্তুতন্ত্রৰ মাধ্যমত সম্প্রতি সমগ্র বিশ্বতে বীজ সংৰক্ষণ কৰি ৰখাৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছে। নৰৱে বীজ সংৰক্ষণৰ বিশেষ ব্যৱস্থা আছে। আমেৰিকাৰ মিদৌৰি উদ্ভিদ উদ্যানৰ অধ্যক্ষ পিটাৰ ৰেভেৰে আশা কৰে যে মানুহেও ইচ্ছা কৰিলে ৩২ হেজাৰ বছৰলৈ প্ৰকৃতিৰ দৰেই বীজ সংৰক্ষণ কৰিব পাৰে। ইয়াৰ পূর্বে ২০১২ত চাইবেৰিয়াত লাভ কৰা বীজৰ দ্বাৰা ফুলগছৰ সৃষ্টি কৰা হৈছিল। এই বীজ ৩০ হেজাৰ বছৰ পুৰণি আছিল।