আমেৰিকাৰ গায়ক নিক জ’নাছৰ স’তে বিয়া হোৱাৰ পাছত বেয়াই ভাগ সময়ে আমেৰিকাত থাকে বলিউড জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা ।সম্প্ৰতি মেট্ৰিক্স ৪ ছবিখনৰ দৃশ্য গ্ৰহণৰ বাবে বিদেশতে আছে অভিনেত্ৰীগৰাকী ।ইয়াৰ মাজতে বলিউডৰ মোহময়ী অভিনেত্ৰীয়ে অনুৰাগীসকলক দিলে এটা ভাল খবৰ।
নিউয়ৰ্কত এখন ভাৰতীয় ৰেষ্টুৰেণ্ট খুলিলে প্ৰিয়ংকা চোপ্ৰাই।ইয়াৰ নাম ৰখা হ’ল ‘ছনা’ । অনুৰাগীসকলক টুইট কৰি এই কথা জনালে প্রিয়ংকাই।লগতে ২০১৯ চনৰ কিছু পুৰণি ছবিও প’ষ্ট কৰিলে প্ৰিয়ংকাই। শ্বেয়াৰ কৰা পুৰণি ছবিখনত নিক আৰু প্ৰিয়ংকাক পূজা কৰি থকা দেখা গ’ল।ইফালে শনিবাৰে একে ঠাইতে ছনা নামৰ ৰেষ্টুৰেণ্টখন উদ্বোধন কৰা হয়।
প্ৰিয়ংকাই কেপশ্বনত প্ৰকাশ কৰিছে যে তেওঁলোকৰ মেনু ভাৰতৰ দৰেই পৃথক হ’ব। অভিনেত্ৰীগৰাকীয়ে লিখিখে, ‘মই এই ৰেষ্টুৰেণ্টৰ জৰিয়তে দেশখনৰ প্ৰতি থকা ভাল পোৱা দেখুৱাইছো । মই মনতে ভাবি ভাবি ডাঙৰ কৰা সপোনটোৰ এইটো এটা প্ৰয়াস । একে সময়তে, ভাৰতীয় ৰান্ধনী হৰি নায়েককো ধন্যবাদ জনালে প্রিয়ংকাই।






























