
মেথী গুটি
প্ৰায় আধাচামুচমান মেথী গুটি অলপ গৰম কৰি ভালদৰে পিচি পাউদাৰ প্ৰস্তুত কৰি ল’ব লাগে তাৰ পাছত এগিলাচ কুহুমীয়া গৰম পানীৰ লগত মিহলাই খালে পেট বিষৰ পৰা আৰাম পোৱা যায়।
ডালিম
ডালিমত স্বাস্থ্যৰ বাবে উপকাৰী বহুতো উপদান পোৱা যায়। ডালিমৰ গুটি বইল কৰি গাখীৰৰ লগত মিহলাই খালে পেট বিষৰ পৰা আৰাম পাব পাৰি।
পদিনা
পেটৰ বিষ হ’লে পদিনাৰ পাত চোবাই খাব পাৰে অন্যথা একাপ পানীৰ লগত উটলাই খালেও পেট বিষত আৰাম পাব পাৰি।
এলবেৰা জুচ
গেছ, ডাইৰিয়া আদিৰ সমস্যাৰ বাবে এলবেৰাৰ পৰা প্ৰস্তুত কৰা জুচ অতি উপকাৰী। প্ৰায় আধা কাপ এলবেৰা জুচ পেট বিষ হ’লে খাই দিলে পেটৰ বিষৰ পৰা যথেষ্ট আৰাম পোৱা যায়।

নেমুৰ ৰস
বেছিকৈ পেটৰ বিষ হ’লে এটা নেমু ৰসৰ লগত একাপ পানী আৰু এচামুচ কলা নিমখ মিহলাই খাব লাগে । এই উপায়টো অৱলম্বন কৰিলে পেট বিষৰ পৰা যথেষ্ট আৰাম পাব পাৰি।






























