কৰ’নাকালত বহু লােকেই স্বেচ্ছাসেৱীৰ ভূমিকা গ্রহণ কৰা পৰিলক্ষিত হৈছে। এইবাৰ তেনে এক স্বেচ্ছামূলক কাম কৰিয়ে দৃষ্টান্ত স্থাপন কৰিলে দার্জিলিঙৰ বিধায়ক নীৰজ জিম্বা তামাঙে।
শ্মশানত প্রধান সৎকাৰ কর্মী নথকাৰ বাবে নিজ হাতেৰে ক’ভিড ৰােগীৰ মৃতদেহ সাজিলে বিধায়কজনে। আনকি পিপিই কিট পৰিধান কৰি আনসকলৰ স’তে সৎ কাৰত হাত উজান দিয়া বিষয়টোৱে সম্প্রতি বিশেষ চর্চা লাভ কৰিছে।
বিধায়ক তামাঙে কয় যে দার্জিলিঙৰ মুক্তিধাম শ্মশানত কৰ’নাৰ মৃত লােকৰ মৃতদেহ সৎকাৰত প্রধান ভূমিকা কৰি অহা আমিৰ গুৰুঙক কিছুদিনৰ পূর্বে একাংশ লােকে প্ৰহাৰ কৰে। তেতিয়াৰ পৰাই ভয়তে শ্মশানত উপস্থিত হােৱা নাই আমিৰ।
এনে পৰিস্থিতিতে তেওঁ নিজে সেই কাম কৰা বুলি বিধায়কজনে সদৰী কৰে। তামাঙে কয়, “আচলতে এম্বুলেঞ্চ চালক হলেও আমিৰ গুৰুঙে স্বেচ্ছাসেৱীৰূপে কৰ’নাত মৃতদেহ সৎকাৰৰাে কাম কৰে।”

কিন্তু কিছুদিন পূর্বে এজন মৃতকৰ আত্মীয়সকলে তেওঁৰ স’তে দুর্ব্যৱহাৰ কৰে। অতি সামান্য এক ভুলৰ বাবে কেইজনমান লােক তেওঁৰ ওপৰত জঁপিয়াই পৰে। ইয়াৰ পাছৰ পৰাই এই সংকটে দেখা দিছিল।
বিধায়ক তামাঙে লগতে জনাইছে যে তেওঁ ইতিমধ্যে আমিৰক সাক্ষাৎ কৰিছে আৰু লােকজনৰ ওপৰত যাতে পুনৰ এনে আক্রমণ নহয়, তাৰ প্ৰতি গুৰুত্ব দিয়াৰাে আশ্বাস দিছে।
এই বিষয়ত দার্জিলিঙৰ আৰক্ষী অধীক্ষক আৰু জিলা স্বাস্থ্য বিষয়াসকলৰ স’তেও বিধায়কজনে কথা পাতিছে।
উল্লেখ্য যে বিজেপি প্রার্থীৰূপে দার্জিলিং বিধানসভা সমষ্টিত জয়লাভ কৰিলেও তামাং পূর্বে সুভাষ ঘিচিঙৰ
জিএনএলএফ সদস্য আছিল। ২০১৯ৰ উপ-নির্বাচনত তেওঁ বিজেপি প্রার্থীৰূপে জয়লাভ কৰিছিল।
ইয়াৰ দ্বাৰা তেওঁ ৩৬ বছৰ বয়সত পশ্চিমবংগ বিধানসভাৰ সর্বকনিষ্ঠ গােখা বিধায়কত পৰিণত হৈছিল। তামাঙে কয়, দার্জিলিঙত শৱ দাহ কৰাৰ বাবে এই পর্যন্ত কোনাে বৈদ্যুতিক চুলা নাই। বিধায়কৰূপে মই এইবাৰ সেই চেষ্টা কৰিম।
বিধায়কজনে লগতে ঘােষণা কৰিছে যে স্বেচ্ছা শ্মশানকর্মীৰূপে কাম কৰা আমিৰক উৎসাহ দিয়াৰ বাবে
বিধায়কৰূপে লাভ কৰা তেওঁৰ তিনিমাহৰ ভাট্টাৰ ধন আমিৰক দান কৰিব।





























