বকো সমষ্টিৰ লগতে ছয়গাঁও সমষ্টিত দিনক দিনে বৃদ্ধি পাই আহিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। বিগত দুই দিনত বকোত তিনিজন আৰু ছয়গাঁৱত এজন মুঠ চাৰিজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা লগতে ৮০/৯০ লাখ মূল্যৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ADVERTISEMENT


একেদৰে আজি পুনৰ ছয়গাঁৱৰ গৰৈমাৰী সত্ৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই। অভিযানত দীৰ্ঘদিন ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত আলম আলীক বকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয় নেতৃত্বত অভিযান চলে। আলম আলীৰ পৰা ব্ৰাউন চুগাৰৰ ন টা কন্টেনাৰ জব্দ কৰে আৰক্ষীয়ে। বৰ্তমানেও অব্যাহত আৰক্ষীৰ অভিযান।































