কৰ’না অতিমাৰীয়ে বহু লােকৰ জীৱন কাঢ়িলে। একেদৰে এই মাৰাত্মক ভাইৰাছে বহু সন্তানক চিৰদিনৰ বাবে পিতৃ-মাতৃৰ সান্নিধ্যৰ পৰা বঞ্চিত কৰিলে।
কেন্দ্রীয় মহিলা আৰু শিশু কল্যাণ মন্ত্রণালয়ৰ পৰিসংখ্যা অনুসৰি, বৰ্তমানলৈকে দেশত অতিমাৰীৰ দ্বিতীয়টো টৌত ৫৭৭ টা শিশু অনাথ হ’ল।
বিগত ৫৫ দিনৰ এই পৰিসংখ্যা দাঙি ধৰিলে কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰানীয়ে। মন্ত্রীগৰাকীয়ে কয় যে সামাজিক মাধ্যমত একাংশ লােকে ক’ভিডত অনাথ শিশুৰ প্রতিপালনৰ দায়িত্ব ল’বলৈ ইচ্ছা প্রকাশ কৰাৰ প্রতি লক্ষ্য ৰাখি মন্ত্রণালয়ে বিভিন্ন ৰাজ্যৰ স’তে যােগাযােগ কৰি এই সন্দৰ্ভত প্রয়ােজনীয় তথ্যপাতি আহৰণ কৰিছে।
এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয় টৌত দেশত বিগত ৫৫ দিনত ৫৭৭ শিশুৱে পিতৃ-মাতৃক হেৰুৱালে। অৱশ্যে কোনাে ৰাজ্যত ক’ভিডে কিমান শিশুক অনাথ কৰিলে সেই তথ্য মন্ত্রণালয়ে পৃথকভাৱে প্ৰকাশ কৰা নাই।
উল্লেখ্য যে দিল্লী, পঞ্জাৱ, মধ্য প্রদেশত চৰকাৰে ক’ভিডত অনাথ শিশুক সম্পূর্ণ বিনামূলীয়া শিক্ষা প্রদানৰ লগতে আর্থিক সাহায্য আগবঢ়োৱাৰ পদক্ষেপ গ্রহণ কৰিছে।