কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৰ পৰা বহু পৰিমাণে ৰক্ষা পৰিছে মহাৰাষ্ট্ৰ । দৈনিক আক্ৰান্তৰ সংখ্যা ৬০ হেজাৰৰ পৰা কমি বিগত কিছুদিনত ২০ হেজাৰ হৈছে । কিন্তু ৰাজ্যখনৰ আহমদনগৰ জিলাত চলিত মাহতে আঠ হেজাৰতকৈও অধিক শিশু আৰু কিশোৰ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
কৰ’নাৰ দ্বিতীয় ঢৌত কমবয়সীয়াসকলৰ আক্ৰান্ত হোৱাৰ প্ৰৱণতা অধিক । তৃতীয় ঢৌত এই প্ৰৱণতা আৰু বৃদ্ধি পাব বুলি শংকা কৰিছে বিশেষজ্ঞ মহলে । সেয়ে এতিয়াৰ পৰাই কৰ’নাৰ তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে আহমদনগৰ জিলা প্ৰশাসনে ।
আহমদনগৰৰ জিলা প্ৰশাসক ৰাজেন্দ্ৰ ভোছলে কয়, ‘মে’ মাহত আঠ হেজাৰতকৈও অধিক শিশু কৰ’নাত আক্ৰান্ত হৈছে । এই প্ৰৱণতা যথেষ্ট ভয়ংকৰ ।’ জিলা প্ৰশাসনৰ তথ্য অনুসৰি, জিলাখনৰ মে’ৰ মুঠ আক্ৰান্তৰ ১০ শতাংশই শিশু । জুলাই বা আগষ্টৰ আৰম্ভণিতে তৃতীয় ঢৌ আহিব বুলি ধাৰণা কৰিয়ে প্ৰস্তুতি চলাইছে জিলা প্ৰশাসনে ।
তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰস্তুতি চলোৱাৰ সন্দৰ্ভত মহাৰাষ্ট্ৰৰ সীমান্তবৰ্তী ছাংলি চহৰৰ প্ৰশাসক অভিজিৎ ভোছলে কয়, ‘কমবয়সীসকলৰ বাবে আমি পৃথক ক’ভিড ৱাৰ্ড প্ৰস্তুত কৰিছো । তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজ দিবলৈ আমি প্ৰস্তুত । এই ৱাৰ্ডত শিশুসকলে হাস্পতালৰ পৰিৱৰ্তে কোনো স্কুলত বা নাৰ্ছাৰিত থকাৰ দৰে অনুভৱ কৰিব ।’
একেই মন্তব্য বিধায়ক সংগ্ৰাম জগতপৰো । তেওঁ কয়, ‘দ্বিতীয় ঢৌত অ’ক্সিজেন আৰু বিছনাৰ অভাৱ হৈছিল । সেয়ে তৃতীয় ঢৌৰ পূৰ্বে সকলো ধৰণৰ প্ৰস্তুতি কৰি ৰখা হৈছে ।’






























