তিয়ঁহ
সূৰ্যৰ ৰশ্মিত গাৰ ছাল ক’লা হলে তিয়হ এটা কাটি ৰস উলিয়াই ছালত প্রায় দহ মিনিট সময় সানিলে ছাল স্বাভাৱিক হয়। চকুৰ পটাত তিয়ঁহ কাটি সানিলে বা তিয়ঁহৰ ৰস লগালে চকুৰ উজ্জ্বলতা বাঢ়ে।
অমিতা
পকা অমিতা পিহি ছালত সানিলে ছালৰ ক’লা দাগ নাইকিয়া হয় আৰু ছালৰ উজ্জ্বলতা বাঢ়ে। পাঁচ মিনিটৰ পাছত ছালখন ঠাণ্ডা পানীৰে ধুব লাগে। পকা অমিতাই ছাল নিমজ কৰিব পাৰে।
কমলা
কমলা টেঙাৰ বাকলি এৰুৱাই সৰু সৰুকৈ কাটি ৰ’দত শুকুৱাই গুড়া কৰি সেই গুড়া মৌৰ লগত মিশ্রণ কৰি ছালত সানিলে ছালৰ ৰং পকা কমলাৰ দৰে হয়। নিতৌ একোটাকৈ কমলা টেঙাৰ ৰস খাব পাৰিলে গাৰ ছাল নিমজ হয় আৰু শালমইনা নাইকিয়া।
বিলাহী
দুই চামুচ পকা বিলাহীৰ ৰসত সমান পৰিমাণৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা ক্ৰীম মিশ্ৰণ কৰি ছালত লগালে ছালত হােৱা সৰু সৰু ফোঁহা নাইকিয়া হয়। প্রায় দহ মিনিট সময় লগােৱাৰ পাছত কুহুমীয়া পানীৰে ছালখন ধুব লাগে।
আমলখি
চাৰি চামুচ আমলখিৰ ৰসত দুচামুচ মৌ মিহলাই সপ্তাহত এদিনকৈ নিয়মীয়াভাৱে ব্যৱহাৰ কৰিলে ছাল মিহি হয় আৰু ছালৰ উজ্জ্বলতা বাঢ়ে। ই বিভিন্ন ৰােগ প্ৰতিৰােধ কৰাটো যথেষ্ট সহায় কৰে। কেঁচা আমলখিৰ ৰসত সম পৰিমাণৰ জেতুকাৰ ৰস, শিলিখাৰ ৰস, কেঁহৰাজৰ পাতৰ ৰস আৰু মহাভৃংগৰাজৰ পাতৰ ৰস মিহলি কৰি গা ধােৱাৰ প্রায় আধা ঘণ্টাৰ আগতে মূৰৰ চুলিত ঘহি শুকুৱাব লাগে। মূৰত ঘহাৰ এঘণ্টাৰ পাছত ঠাণ্ডা পানীৰে মূৰ ধুব লাগে। ই চুলি ক’লা কৰে। তদুপৰি মহাভৃংগৰাজৰ পাত আঞ্জা কৰি খালে পকা চুলি ছালৰ ভিতৰৰ পৰাই ক’লা হৈ ওলাই আহে। আমলখি আৰু মৌ একেলগে নিয়মীয়াকৈ খালে বৃদ্ধাৱস্থালৈ গাৰ ছাল সতেজ হৈ থকাৰ উপৰি যৌন অৱস্থা অটুট থাকে।
ঔ-টেঙা
ঔ-টেঙাৰ ফলৰ বীজখিনিৰে চুলি ধুলে চুলিৰ গুড়ি মজবুত হয়। চুলিৰ উজ্জ্বলতা বাঢ়ে আৰু মূৰৰ ছালত হােৱা উফি নাশ হয়।
আম
পকা আমৰ সাহখিনি ফেটি লৈ ছালত সানি ১৫ মিনিটৰ পাছত ছালখন ঠাণ্ডা পানীৰে ধুলে ছাল অতি সুন্দৰ হয়। কেঁচা আম এটাৰ বাকলি গুচাই সৰু সৰুকৈ কাটি আধা লিটাৰ পানীত সিজাই ঠাণ্ডা কৰি চেকি লৈ পানীখিনিত অলপমান নিমখ আৰু এচামুচ চেনি মিশ্রণ কৰি এদিনৰ অন্তৰে অন্তৰে ১০/১২ দিন খালে ছান আদি ৰােগ ভাল হয় আৰু ছাল সুন্দৰ হয়। ভৰিৰ গােৰােৱা আৰু হাতৰ ছাল ফাটিলে কেঁচা আমৰ ৰস লগাব লাগে।
ক’লা জামু
ক’লা জামুৰ ফল আৰু ক’লা জামুৰ বাকলিত ফলিক এচিড পােৱা যায়। এই ফলিক এচিডে বৃদ্ধাৱস্থাতাে যৌৱন অটুট ৰাখে আৰু জীৱনী শক্তি বঢ়াই স্বাস্থ্য ভালদৰে ৰখাত সহায় কৰে। গ্রহণী, পেটচলা, বহুমূত্ৰ আৰু ৰক্তহীনতা ৰােগীৰ বাবে ক’লা জামু অতি উপকাৰী।
তৰমুজ
আহাৰ গ্ৰহণ কৰাৰ পাছত ১০০ গ্রামকৈ তৰমুজ দুদিনৰ অন্তৰে অন্তৰে খালে শৰীৰত হিম’গ্লবিন বৃদ্ধি পায় আৰু শৰীৰৰ ছাল ৰঙচুৱা হৈ পৰে। তৰমুজ পিহি মুখৰ ছালত পাঁচ মিনিট সময় প্রলেপ দি পিছত পানীৰে ধুলে ছাল সুন্দৰ হয়।