দেশৰ একাংশ অঞ্চলত কৰ’নাৰ সংক্রমণ নিয়ন্ত্রিত হােৱাত বিভিন্ন ৰাজ্যই পর্যটন কেন্দ্রসমূহ পুনৰ পৰ্যটকৰ বাবে খুলি দিছে।
হিমাচল প্রদেশৰ পাছত পর্যটকৰ বাবে দুৱাৰ মুকলি কৰিলে ছিকিমে। ইতিমধ্যে ৰাজ্যখনৰ অন্যতম পর্যটন কেন্দ্র গেংটকত যথেষ্টসংখ্যক পর্যটকে ভিৰ কৰিছে।
বিগত ডেৰ বছৰ ধৰি গেংটক সৰহভাগ সময় পর্যটকৰ বাবে বন্ধ হৈ আছিল। ছিকিম চৰকাৰে পর্যটন কেন্দ্ৰটো পুনৰ মুকলি কৰাত দেশৰ বিভিন্ন অঞ্চলৰ পৰা অগণন পর্যটকে আহি সম্প্রতি গেংটকত যথেষ্ট ভিৰ কৰিছে।
পর্যটকৰ এনে ভিৰৰ ফলত কৰ’নাৰ পুনৰ সংক্রমণ বৃদ্ধি পাব পাৰে বুলি অনেকে সন্দেহ প্রকাশ কৰিছে। অৱশ্যে পর্যটকৰ বাবে ৰাজ্যৰ দুৱাৰ খুলিলেও ছিকিম প্রশাসনে ক’ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ নিয়ম পালন কৰিছে।
ছিকিমত কোনাে পর্যটকে প্রৱেশ কৰিবলৈ হ’লে আৰ টি পি চি আৰ অথবা আৰ এ টি পৰীক্ষণৰ ‘নিগেটিভ’ প্রমাণপত্র প্রদর্শন কৰিব লাগিব।
তদুপৰি কোনাে ব্যক্তিয়ে ক’ভিড প্রতিষেধক যদি নােলােৱাকৈ ছিকিমত প্রৱেশ কৰিবলৈ যায় তেন্তে প্রৱেশৰ দিনাই ৰাজ্যখনত তেওঁক প্রতিষেধক দিয়া হ’ব। এনেবােৰ নিয়ম-নীতি পালনৰ পাছতহে ছিকিমত পর্যটকক প্রৱেশৰ অনুমতি দিয়া হৈছে।





























