কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ ছিংৰীঝৰা গাঁৱত প্ৰায় দুই শতাধিক প্ৰাক্তন এনডিএফবি কেডাৰে হাতে-হাতে প্লেকাৰ্ড লৈ ৰঞ্জন দৈমাৰীক মুক্তি দিয়ক, বিটিআৰ একৰ্ড কাৰ্যকৰী কৰক আদি বিভিন্ন শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
ADVERTISEMENT
আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ৰঞ্জন দৈমাৰীকে ধৰি যিসকল এনডিএফবি নেতা আজিও কাৰাগাৰত থাকিবলগা হৈছে সকলোকে মুক্তিৰ দাবী জনোৱাৰ লগতে প্ৰাক্তন এনডিএফবিসকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰে অনতি পলমে ব্যৱস্থা গ্ৰহণ নকৰিলে ১৫ আগষ্টৰ পাছত ভয়ংকৰ আন্দোলন গঢ়ি তুলিব বুলি সঁকিয়নী দিয়ে ।