অনলাইন ম’বাইল গেমৰ জনপ্রিয়তা যুৱ প্ৰজন্মৰ মাজত এতিয়া বহু বৃদ্ধি পাইছে। কিন্তু এইদৰে গেমৰ আসক্তিত ভুগি যুৱ সমাজে হেৰুৱাব লগা হৈছে লাখ লাখ টকা।
চাইবাৰ প্ৰৱঞ্চনাৰ বলি হােৱাৰ লগতে গেমৰ বাবে ভাচুৱেল উপকৰণ ক্ৰয়ৰ নামতাে যুৱ প্রজন্মই ব্যয় কৰিছে প্রচুৰ ধন। সম্প্রতি অনলাইন ম’বাইল গেম এক সামাজিক ব্যাধিত পৰিণত হৈছে।
এই আসক্তিৰ ফলত সাংসাৰিক অশান্তিৰ পৰা আত্মহত্যালৈকে বহু অনাকাংক্ষিত ঘটনা সংঘটিত হৈ আহিছে। ফ্রি ফায়াৰ, বেটল ফিল্ড, চি অ’ চি, পাবজিৰ দৰে অনলাইন গেমৰ প্ৰচলন সেয়েহে উদ্বেগ কাৰণত পৰিণত হৈছে।
এইসমূহ গেম খেলিবলৈ বিভিন্ন ভাচুৱেল উপকৰণৰ প্ৰয়ােজন হয় আৰু ইয়াৰ বাবদ ধন ব্যয় কৰিব লাগে। এইদৰে অনলাইন গেমৰ উপকৰণ ক্ৰয় কৰিবলৈ একাংশ যুৱ প্ৰজন্মই অভিভাৱকৰ পৰা ধন চুৰি কৰাৰ দৰে ঘটনাও ভাৰতত সংঘটিত হৈছে।
অনলাইন গেমৰ জনপ্ৰিয়তাৰ প্রতি লক্ষ্য ৰাখি চাইবাৰ প্ৰৱঞ্চকেও এনেবােৰ গে’মক ধন লুট কৰাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে।