ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ কন্যা কেটেৰিনা টিখোনোভাৰ প্ৰেমিক জেলেনস্কিৰ । দুই বছৰীয়া সন্তানো আছে তেওঁলোকৰ । এইটো শুনিয়ে সকলোৰে চকু কপালত উঠিছে ।
চাওঁতে চাওঁতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ তিনি মাহ হ’ল।সমগ্ৰ বিশ্বৰ দৃষ্টিত জেলেনস্কি-পুটিন দ্বৈত যুদ্ধ । আৰু তেওঁৰ কন্যা …….. নহয়,আপুনি যি ভাবিছে সেইয়া সত্য নহয়।
কেটৰিনাৰ প্ৰেমিকৰ উপাধি জেলেনস্কি,হ’লেও তেওঁ এজন অন্য ব্যক্তি । ইগৰ জেলেনস্কি। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ এজন সমসাময়িক। কেৱল নামতে বাবেই এই চমক।
এক আন্তৰ্জাতিক সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, পুটিনৰ সৰু কন্যা কেটৰিনাৰ বয়স ৩৫ বছৰ। তেওঁৰ স’তে প্ৰেম ৫২ বছৰীয়া জেলেনস্কিৰ । তেওঁ এজন পেছাদাৰী বেলে নৃত্যশিল্পী আৰু এটা বেলে কোম্পানীৰ প্ৰাক্তন পৰিচালক।
ৰাছিয়াৰ বাতৰি কাকত ‘আইষ্টোৰিছ’ আৰু জাৰ্মানৰ সংবাদ মাধ্যম ‘ডেৰ স্পিগেল’ত এই কথা প্ৰকাশ কৰিছে। তথ্য অনুসৰি, ইগৰ জাৰ্মানীৰ বাসিন্দা। কেটেৰিনাই তেওঁক লগ কৰিবলৈ মস্কোলৈ যায়। তেওঁলোকৰ সন্তান, দুই বছৰীয়া ছোৱালীজনী, জেলেনস্কিৰ স’তে থাকে।
ইয়াৰ পূৰ্বে ৰাছিয়াৰ কনিষ্ঠতম ধনকোৱেৰ কিৰিল শ্বামালোৰ স’তে সম্পৰ্ক আছিল পুটিনৰ কন্যাৰ । ২০১৭ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। তেতিয়াই কেটেৰিনাই জেলেনস্কিৰ স’তে সম্পৰ্ক গঢ়িবলৈ আৰম্ভ কৰে।



































