Earthquake: ভূমিকম্পত কঁপিল আন্দামান সাগৰ। ইটোৰ পাছত সিটো ভূমিকম্পই জোঁকাৰিছে আন্দামান।ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, মঙলবাৰে বিয়লিৰ পৰা মাজনিশালৈ আন্দামান সাগৰত কমেও তিনিটাকৈ কম্পন সংঘটিত হয়।
মঙলবাৰে বিয়লি তাত সংঘটিত হয় প্ৰথমটো কম্পন। মঙলবাৰে নিশা আন্দামান সাগৰত তৃতীয়টো কম্পন সংঘটিত হয়।
ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, মঙলবাৰে পুৱা ১:৪৩ বজাত আন্দামান সাগৰত ৪.২ প্ৰাবল্যৰ ভূমিকম্পৰ সৃষ্টি হয়। ভূপৃষ্ঠৰ পৰা ২০ কিলোমিটাৰ তলত আছিল এই কম্পনৰ কেন্দ্ৰবিন্দু। অৱশ্যে এই কঁপনিৰ বাবে এতিয়ালৈকে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।
ইয়াৰ পূৰ্বে মঙলবাৰে সন্ধিয়া ৬:৪২ বজাত তাত কঁপনি অনুভৱ কৰা হৈছিল। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৭। ইয়াৰ ভূগৰ্ভস্থ আছিল মাটিৰ পৰা ১৬ কিলোমিটাৰ তলত।
আৰু, তাৰ আগে মঙলবাৰে বিয়লি কঁপি উঠিল আন্দামান সাগৰ। বিয়লি ৩:৪৭ বজাত সংঘটিত হোৱা এই ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৫.২। ইয়াৰ গভীৰতা আছিল ভূপৃষ্ঠৰ তলৰ ৬১ কিলোমিটাৰ।






























