Telengana : তেলেংগানাৰ এটা কাৰখানাত ভয়াৱহ বিস্ফোৰণ। সোমবাৰে পুৱা তেলেংগানাৰ সাংগাৰেডী জিলাৰ এটা কাৰখানাত বিস্ফোৰণৰ পাছত অগ্নিকাণ্ড সংঘটিত হয়।
ADVERTISEMENT
সূত্ৰ অনুসৰি সাংগাৰেডী জিলাৰ চিগাচি কেমিকেল ইণ্ডাষ্ট্ৰীজৰ এটা কাৰখানাত এক বৃহৎ বিস্ফোৰণ সংঘটিত হয়।
ঘটনাটোত কমেও ১০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে একাধিক লোক গুৰুতৰভাৱে আহত হৈছে। তথ্য অনুসৰি বিস্ফোৰণৰ প্ৰভাৱত কেবাজনো শ্ৰমিক ১০০ মিটাৰ পৰ্য্যন্ত ছিটিকি পৰিছে।
বিস্ফোৰণৰ পাছতে কাৰখানাটোৰ এটা বৃহৎ অঞ্চলত জুই লাগে। জুই নিৰ্বাপনৰ কাম আৰম্ভ হৈছে।






























