Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

লখিমপুৰৰ কঠীয়াতলি উচ্ছেদক লৈ তীব্র প্রতিক্রিয়া 

publisher by publisher
July 5, 2025
in News, Assam
Reading Time: 1 min read
0
লখিমপুৰৰ কঠীয়াতলি উচ্ছেদক লৈ তীব্র প্রতিক্রিয়া 
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

দেশজোৰা সাধাৰণ ধৰ্মঘটৰ সমর্থনত লক্ষীমপুৰত ২৪ ঘণ্টীয়া চকা বন্ধ

Dead body Recovered in Kerala:বহিঃৰাজ্যত পুনৰ মৃত্যু অসমৰ এজন লোকৰ

Lakhimpur Eviction: ✒️বুলড’জাৰ চলাই কঠীয়াতলি উছন কৰাৰ পাছত ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্র প্রতিক্ৰিয়াত থৰকাছুটি হেৰুৱাইছে খিলঞ্জীয়াৰ সুৰক্ষা আৰু ভূমি অধিকাৰৰ কথা কোৱা হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে। ঘটনা বেগতিক দেখি সাপ হৈ খুঁটি বেজ হৈ জাৰিবলৈ তৎপৰ হৈছে ৰাজ্য চৰকাৰ।

ADVERTISEMENT

যোৱা মঙলবাৰৰ পৰাই ভুক্তভোগী পৰিয়ালটোৰ কন্যা গুণগুণ চেতিয়াই সামাজিক মাধ্যমযোগে এদিনৰ বাবে কঠীয়াখিনি ৰক্ষা কৰিবলৈ প্ৰশাসনক কাতৰ অনুৰোধ জনোৱাৰ সময়ত চৰকাৰ ক’ত শুই আছিল বুলি প্রশ্ন উঠিছে।

খিলঞ্জীয়া পৰিয়ালটোৰ মুখৰ ভাত কাঢ়ি নিয়া চৰকাৰে এতিয়া বিষয়াৰ গাত দোষ জাপি লজ্জাজনকভাবে দায় সাৰিব বিচাৰিছে। কালি চলোৱা অমানৱীয় উচ্ছেদ অভিযানৰ সময়ত ক’ত গৈছিল প্রশাসন তথা শাসক দলৰ স্থানীয় বিধায়ক মানৱ ডেকা।

কালি পৰিয়ালটোক কঠীয়া যোগান ধৰিব বুলি প্রলোভন দিয়া বিধায়কজনে কালি কঠীয়াখিনি ৰক্ষা কৰিবলৈ কিয় আগবাঢ়ি নাহিল বুলি স্থানীয় ৰাইজে প্রশ্ন উত্থাপন কৰিছে। প্রথমতে ক্ষতিসাধন কৰি পাছত ক্ষতিপূৰণৰ চেষ্টা কৰাৰ দুতলীয়া নীতি চৰকাৰ তথা বিধায়কে গ্রহণ কৰিছে বুলি ৰাইজে ক্ষোভ উজাৰে।

উল্লেখ্য যে লখিমপুৰৰ ফুকনৰহাটৰ পৰিয়ালটোৱে উচ্ছেদৰ বিৰোধিতা কৰা নাছিল, তেওঁলোকে মাথোঁ কঠীয়াখিনি বচাবলৈ এদিনৰ সময়হে বিচাৰিছিল। সেয়াও নিদিলে চৰকাৰ-প্রশাসনে। তাৰ পাছত আজি বিধায়ক মানৱ ডেকাই কয় যে পৰিয়ালটোক উন্নত জাতৰ কঠীয়া যোগান ধৰা হ’ব। ইয়াকে লৈও তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। কঠীয়া পৈণত হ’বলৈ অন্ততঃ কিছুদিনৰ প্ৰয়োজন হয়।

এতিয়া যোগান দিয়াতকৈ এদিন অপেক্ষা কৰিলে কি অসুবিধা হ’লহেঁতেন বুলি ৰাইজে প্রশ্ন কৰে।ইপিনে, এই ঘটনাক লৈ প্রদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে প্রতিক্রিয়া প্রকাশ কৰি কয় যে কালি ফুকনৰহাট ৰাজহ চক্ৰৰ গাঁৱত কৃষক পৰিয়ালৰ কঠীয়াতলিত চৰকাৰে বুলড’জাৰ লগাই উচ্ছেদ চলালে, ই অমানৱবীয়।

তেওঁ কয়, ‘কৃষি কর্ম আৰু এৰি-মুগা পালনৰে স্বাৱলম্বিতাৰ আদৰ্শৰ পথ দেখুওৱা গুণগুণ চেতিয়া নামৰ অসমীয়া জীয়ৰীগৰাকীৰ ঘৰৰ কঠীয়াতলিৰ ওপৰত এক্সকেভেটৰ লগাই উচ্ছেদ কৰা আৰ্তনাদ হৃদয় বিদাৰক। জাতি-মাটি-ভেটি ৰক্ষাৰ প্রতিশ্রুতিবে ক্ষমতালৈ অহা হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ওলোটাই খিলঞ্জীয়াৰ খেতি মাটিত, কঠীয়াতলিত বুলড’জাৰহে চলাইছে। এনেদৰে বিজেপিয়ে জাতি-মাটি-ভেটি ৰক্ষা কৰিব নেকি?’

সামাজিক মাধ্যমত গৌৰৱে পুনৰ কয়, ‘ট্রাইবেল বেল্টৰ পৰা জনজাতীয় লোকক আৰু খিলঞ্জীয়াক উচ্ছেদ কৰি পুঁজিপতিক মাটি দিবলৈ উত্রাবল হোৱা এইখন জাতি-মাটি-ভেটি ৰক্ষাৰ চৰকাৰ নহয়, এইখন আম্বানী, আদানীক মাটি-ভেটি দিবলৈ উত্রাবল হৈ থকা চৰকাৰ। প্ৰতিজন খেতিয়কৰ বাবে কঠীয়াতলি আশাৰ সপোনস্থলী। এই আশাবস্থলীত বিজেপি চৰকাৰে বুলড’জাৰ চলোৱাৰ উচিত প্রত্যুত্তৰ অসমবাসীয়ে আগন্তুক বিধানসভা নির্বাচনত দিব।’

কৃষি বিভাগৰ কঠীয়া ওভতাই পঠিয়ালে ভুক্তভোগী পৰিয়ালে

এই ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত থৰকাছুটি হেৰুৱাইছে প্রশাসনে। কটা ঘাত মলম লগাবলৈ গৈ মুখ থেকেচা খালে ৰাজ্যৰ কৃষি বিভাগে। কঠীয়া নষ্ট হোৱাৰ পাছত চৰকাৰ সন্মুখীন হোৱা গঞ্জনাৰ ক্ষতিপূৰণ কৰিবলৈ কৃষি বিভাগে আজি বিয়লি পৰিয়ালটোলৈ এখন ট্রেক্টৰযোগে কঠীয়া প্ৰেৰণ কৰে।

সেই কঠীয়া তেওঁলোকৰ কৃষিকাৰ্যৰ বাবে উপযোগী নহয় বুলি প্রত্যাখান কৰে আৰু কঠীয়াখিনি ওভতাই পঠিয়ায় পৰিয়ালটোৱে। গুণগুণৰ পিতৃ জিতেন চেতিয়াই কয় যে প্ৰেৰণ কৰা কঠীয়াখিনি আছিল চাপৰ আৰু সেইখিনি তেওঁলোকৰ মাটিত ৰোপণৰ বাবে উপযুক্ত নাছিল।

চাপৰ কঠীয়াখিনি দ মাটিত কব নোৱাৰে। তাৰ বাবে লাগিব ওখ কঠীয়া। তেওঁলোকৰ দুভাগ মাটি আছে, তাবে এভাগ দ আৰু আন ভাগ বাম। দ মাটিখিনিত বহুত পানী আছে আৰু বাম মাটিডৰা একেবাৰে শুকান হৈ আছে। দ খেতিডৰাৰ পানী শুকাব লাগিব।

এইদৰে উল্লেখ কৰি গুণগুণৰ পিতৃয়ে ‘দৈনিক অগ্রদূত’ক কয়, ‘কঠীয়াখিনি আমি সেয়েহে কব নোৱাৰো বাবে ঘূৰাই পঠিয়ালো। ৰাইজে আমাক ওখ কঠীয়া দিম বুলি কৈছে। ৰাইজে দিলে কঠীয়া কম।’ তিনি কঠা মাটিত আছিল গুণগুণহঁতৰ কঠীয়াতলি। জিতেন চেতিয়াৰ তিনিজন ককাই-ভাই। তেওঁলোকৰ কঠীয়াতলিৰ গাতে লাগি থকা বাঁহ গছ আদিও আছে। এই স্থায়ী গছ থকা মাটিখিনিত বুলড’জাৰ চলালে তেওঁলোকৰ অসুবিধা নহ’লহেঁতেন। সেয়া তেওঁলোকে এৰিয়ে দিছিল। কিন্তু কঠীয়া অস্থায়ী বস্তু আৰু যাৰ বাবে উঠাবলৈ মাত্র কিছু সময় বিচাৰিছিল বুলি কয়। গুণগুণৰ খুড়াকৰ এপুৰা মাটিত আছিল জাতিলাও, বেঙেনা, শাক-পাচলি আদিৰ খেতিও। সেইবোৰো নষ্ট হ’ল। গুণগুণৰ পিতৃয়ে কয়, ‘আমাক অলপো সময় নিদিলে। আমি কৈছিলো যে অস্থায়ী খেতিখিনি উঠাবলৈ সময় দিয়ক। কচুৰ খেতিডৰাও নষ্ট হ’ল। কেইদিনমান পাছত শাওণতে কচুখিনি তুলিম বুলি ভাবিছিলো।’

প্রশাসনৰ মইমতালিৰ বাবে আশাহত হ’বলগীয়া হ’ল পৰিয়ালটো। তিনি কঠা মাটিৰ কঠীয়াতলি, এডৰা কচু আৰু শাক-পাচলিৰ খেতিয়ে আছিল তেওঁলোকৰ জীৱন জীৱিকাৰ আশাৰ সম্পদ। হাড়ে-হিমজুৱে কৃষক এই পৰিয়ালটোৰ মৰ্মবেদনা কোনে শুনিব, কোনে বুজিব?

সম্প্ৰতি হৃদয়বিদাৰক পৰিস্থিতি বৰ্ণনা কৰি খিলঞ্জীয়া কৃষকজনে কয় যে উচ্ছেদ কৰিবলৈ অহাৰ সময়ত তেওঁলোকে দৌৰি-চাপৰি ৰখাবলৈ চেষ্টা কিন্তু তেওঁলোককহে আৰক্ষী প্রশাসনে ঘেৰাও কৰি ৰাখিলে। চলাই দিয়া হ’ল বুলড’জাৰ।

এজন কৃষকেহে বুজিব কঠীয়াৰ ওপৰত বুলড’জাৰ চলালে কেনে লাগে!

পৰহিৰে পৰা খিলঞ্জীয়া কৃষকৰ হাহাকাৰ পৰিস্থিতিৰ দৃশ্য সামাজিক মাধ্যম ফেচবুকযোগে ৰাজহুৱা কৰা গুণগুণ চেতিয়াই কয়, ‘আমি কেতিয়াও ভবা নাছিলো যে কঠীয়াখিনি ইমানে নষ্ট কৰি যাব যে তুলিব পৰা অৱস্থাত নাথাকিব। জাননী পাইছিলো যদিও সেইখিনি সময়ত আইতা ঢুকোৱাৰ বাবে কঠীয়া পৰা নহ’ল। সকাম হৈ যোৱাৰ ১৪ দিন মান পাছত কঠীয়া পৰা হ’ল আৰু তাৰ পাছত আমি জাননী লাভ কৰিছিলো য’ত চাৰিদিনৰ সময়সীমা বান্ধি দিয়া হৈছিল। সেই সময়সীমাৰ ভিতৰত কঠীয়াখিনি তুলি শেষ কৰিব পৰা নাছিলো, কাৰণ তুলিব পৰা হোৱা নাছিল। তুলিলেও নষ্টয়ে হ’লহেঁতেন কিয়নো কঠীয়াখিনি কব পৰা হোৱা নাছিল।’

সোমবাৰৰ পৰা তেওঁলোকে অর্থাৎ গুণগুণৰ মাতৃ, বায়েক আৰু তেওঁ নিজেই কঠীয়াখিনি তুলিবলৈ আৰম্ভ কৰিছিল। দিনৰ ভাগৰ পৰা ৰাতিলৈকে তুলিলে যদিও শেষ নহ’ল।

পৰিয়ালটোৰ প্রশ্ন- ‘আমাৰ কৃষিকার্য প্রধান বুলি কোৱা হয়। এতিয়া সুধিছো যে চৰকাৰে ভাত নাখায় নেকি? চাউল ক’ৰ পৰা ওলায়? চৰকাৰে সেই কথাত গুৰুত্ব নিদিলে। কালি এডিচিক কৈছিলো আৰু তেতিয়া মণ্ডলে আহি চালে আৰু ক’লে যে থাকক তেতিয়াহ’লে। ইয়াৰ পাছত এক্সকেভেটৰ ইতিমধ্যে চলোৱা হৈছিল। উপস্থিত বিষয়াজনে চালকজনক গাড়ীৰ পৰা নামি আহিবলৈ কয়। কামটো ৰখাত আমি ঘৰলৈ ভাত খাবলৈ যাওঁ। ভাবিলো যে ভাতসাঁজ খাই আহি কঠীয়া তুলিম। ভাত খাই আহি দেখিলো যে কঠীয়াখিনি গোটেই নষ্ট কৰি পেলালে। আমি মাত্র দুঘণ্টা সময়হে বিচাৰিছিলো। দুঘণ্টাত আমাৰ কঠীয়াখিনি তুলি শেষ হ’লহেঁতেন। পৰহি নিশা আমি ডেৰ বজালৈ কঠীয়া তুলিছিলো।’

পৰিয়ালটোৰ মহিলা এগৰাকীয়ে কয়, ‘তেওঁলোকে আমাক খেতিখিনি নষ্ট নকৰিম বুলি কৈছিল। আমি খেতি কৰা মানুহ। আজি ইমানদিনে এইদৰে খেতি কৰিয়ে ভাতসাঁজ খাইছো। এতিয়াহে এইবোৰ কথা কৈছে। আমি মাটি দখল কৰি ৰখা নাই। সকলো এৰি দিছো। কঠীয়াখিনি বচাবলৈ কেৱল বহু অনুৰোধ কৰিলো; কিন্তু আমাক ৰেহাই নিদিলে।’

বিকল্প মাটি দিয়ক: অখিল গগৈৰ দাবী

এই ঘটনাত প্রতিক্রিয়া প্রকাশ কৰি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয়, ‘লখিমপুৰত ১৯ ঘৰ আহোম মানুহক উচ্ছেদ কৰিলে। উচ্ছেদিতৰ প্ৰতিটো পৰিয়ালক ৪৮ ঘণ্টাৰ ভিতৰত ক্ষতিপূৰণসহ বিকল্প মাটি প্রদান কৰিবলৈ মুখ্যমন্ত্রীক দাবী জনাইছো। মুখ্যমন্ত্রী আৰু বিধায়ক মানৱ ডেকাক সকীয়াই দিছো যে শীঘ্রে বিকল্প ব্যবস্থা গ্রহণ কৰক। দুর্ভাগ্যজনক যে পাৰি থোৱা কঠীয়াৰ ওপৰত এক্সকেভেটৰ চলাইছে। এই দৃশ্যই বহুজনৰ বুকু কঁপাই তুলিলে। অসম চৰকাৰখন যে জনগণ বিৰোধী চৰকাৰ, ইয়াক চাবলৈ হ’লে লখিমপুৰৰ কঠীয়াৰ ওপৰত চলোৱা এক্সকেভেটৰ চালেই হ’ল। সদায় মুখ্যমন্ত্রীয়ে কৈ থাকে যে খিলঞ্জীয়াক উচ্ছেদ নকৰো, কালিতো লখিমপুৰত খিলঞ্জীয়াই কান্দিলে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BulldozerEvictionLAKHIMPURPaddy Seedlings
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d