NWA:✒️কে’বা লাখ বছৰৰ পূৰ্বে মঙল গ্ৰহৰ পৰা ছিটিকি আহি পৰিছিল পৃথিৱীৰ ছাহাৰা মৰুভূমিত। ২০২৩ত সেই উল্কাপিণ্ডৰ সন্ধান পাইছিল এদল গৱেষকে। এইবাৰ সেই উল্কাপিণ্ডই লণ্ডনৰ নিলাম সংস্থা ছথেবিত আয়োজিত এক নিলামত উঠিল। ২৪.৫ কেজি ওজনৰ সেই উল্কাপিণ্ড নিলামত বিক্রী হৈছে ৫৩ লাখ ডলাৰত। ভাৰতীয় মুদ্রাত প্রায় ৪৫ কোটি টকা। ইয়াৰ পূৰ্বে কোনো উল্কাপিণ্ডই ইমান বেছি দামত বিক্রী হোৱা নাছিল। উল্কাপিণ্ডটোৰ চৰকাৰী নাম ‘এনডব্লিউএ ১৬৭৮৮’। কাগজে-কলমে এইটোৱেই হৈছে পৃথিৱীৰ বুকুলৈ মঙলৰ পৰা উফৰি অহা সবাতোকৈ ডাঙৰ উল্কা।
প্রাথমিকভাৱে ধাৰণা কৰা হৈছিল যে নিলামত এই উল্কাপিণ্ডৰ দাম ২০ৰ পৰা ৪০ লাখ আমেৰিকান ডলাৰলৈ উঠিব পাৰে। ১৫ মিনিট ধৰি অনলাইনত নিলাম হয়। তাতেই যি দাম উঠিছে, সেই দামে উদ্যোক্তাসকলৰ প্ৰত্যাশাকো অতিক্ৰম কৰি গৈছে।
নাইজাৰৰ ছাহাৰা মৰুভূমিৰ আগাদেজ অঞ্চলৰ পৰা এদল উল্কা অন্বেষণকাৰী দলে ২০২৩ৰ নৱেম্বৰত সেই উল্কাপিণ্ডটো আৱিষ্কাৰ কৰে। একাংশ বিশেষজ্ঞই বিশ্লেষণ কৰি জনায় যে প্রায় ৫০ লাখ বছৰৰ পূৰ্বে এটা শক্তিশালী ধূমকেতু বা গ্রহাণুৱে মঙলৰ পৃষ্ঠত খুন্দা মাৰে। তাৰ ফলতে মঙল পৃষ্ঠৰ এটা অংশ ভাঙি মহাকাশৰ মাজেৰে আহি পৃথিৱীত আছাৰ খাই পৰেহি। সেই উল্কাপিণ্ডই প্রায় ১৪ কোটি মাইল পথ অতিক্রম কৰিছিল। তাৰ পাছতে পৃথিবীত আছাৰ খাই পৰে। বিজ্ঞানীসকলে ইয়াক পৰীক্ষা কৰি নিশ্চিত হৈছে যে মঙলৰ পৰাই উফৰি আহিছে ‘এনডব্লিউএ ১৬৭৮৮’।
ছথেবিৰ উপাধ্যক্ষ কাছান্দ্রা হাটনে এই প্রসংগত কয়, ‘এইটো অবিশ্বাস্য বিষয় যে ইমান দূৰ অতিক্রম কৰি আহি ই পৃথিৱীত পৰিছেহি। অধিকাংশ ক্ষেত্রতে পৃথিৱীৰ বায়ুমণ্ডল ভেদ কৰি উল্কাপিণ্ড সমুদ্ৰত পৰে। সেই ক্ষেত্ৰত সিবোৰক বিচাৰি পোৱা নাযায়। সেই দিশৰ পৰা ‘এনডব্লিউএ ১৬৭৮৮’ বিৰল।’ তেওঁ লগতে কয় যে এতিয়া পৃথিৱীত মঙলৰ উফৰি অহা উল্কাপিণ্ডৰ সংখ্যা চৰকাৰীভাৱে প্রায় চাৰিশ। সিবোৰৰ ভিতৰত সবাতোকৈ ডাঙৰ হৈছে ‘এনডব্লিউএ ১৬৭৮৮’।






























