Timing Changed:
উৎকট গৰমৰ বাবে এখন জিলাত পাঠদানৰ সময়সূচী সলনিৰ নিৰ্দেশনা জাৰি ৷ অহা ১ আগষ্টৰ পৰা বিদ্যালয় সমূহত প্ৰযোজ্য হ’ব নতুন নিৰ্দেশনা অনুসৰি পাঠদান ৷
কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক বিষয়া দিপীকা চৌধুৰীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি এক আগষ্টৰ পৰা প্ৰাথমিক বিদ্যালয় সমূহৰ পাঠদান পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হৈ ১১-৩০ বজাত ছুটি হ’ব৷ অৱশ্যে ছুটীৰ ক্ষেত্ৰত শ্ৰেণী অনুসৰি থাকিব তাৰতম্য।
আনহাতে উচ্চ প্ৰাথমিক বিদ্যালয়ৰো পাঠদান ৭-৩০ বজাত আৰম্ভ হৈ ১২বজাত ছুটি হ’ব ৷ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পাঠদান ৭-৩০ বজাৰ পৰা আৰম্ভ হৈ ১ টা বজাত ছুটি ৷ এই নিৰ্দেশনা বেচৰকাৰী শিক্ষানুষ্ঠান সমূহৰ ক্ষেত্ৰটো প্ৰযোজ্য হ’ব ৷
উল্লেখ্য যে, অহা ৩১ জুলাইত শেষ হ’ব বিদ্যালয়সমূহৰ গ্ৰীষ্ম বন্ধ। ১ আগষ্টৰ পৰা বিদ্যালয়সমূহত পুনৰ আৰম্ভ হ’ব পাঠদান। কিন্তু বৰ্তমান অব্যাহত থকা গ্ৰীস্ম প্ৰৱাহৰ বাবে তাৎক্ষণিকভাবে জিলা শিক্ষা বিভাগে পাঠদানৰ নতুন সময়সূচী ঘোষণা কৰে ৷






























