Srirampur:
অসম- পশ্চিমবংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰ গেটত ট্রাক চালকৰ উত্তাল প্ৰতিবাদ। বিগত ৬ দিন ধৰি আবদ্ধ কৰি ৰখা হৈছে কে’বা শতাধিক স্ক্রেপভৰ্তি ট্ৰাক ৷
জিএছটি নথি পৰীক্ষণৰ পিছতো ৰহস্যজনকভাৱে ট্রাক সমূহ আবদ্ধ কৰি ৰাখিছে সীমান্ত আৰক্ষী ৷ খাদ্য আৰু অনাময় ব্যৱস্থা নথকাত এক হাহাকাৰময় পৰিস্থিতি সৃষ্টি হয় ট্রাক চালকৰ ৷ যাৰবাবে আজি ধৈৰ্য্যচ্যুতি হেৰুৱাই ট্ৰাক চালক সকলে উত্তাল প্ৰতিবাদ কৰে পৰিক্ষণ চকীৰ ওচৰত ৷ উল্লেখ্য যে,একেই পৰিৱেশ সৃষ্টি হৈছিল ডেৰমাহৰ পূ্বে ৷
বিশেষ সূত্ৰে প্ৰাপ্ত খবৰ অনুসৰি দিছপুৰৰ পৰা সেউজ সংকেত নোপোৱাৰ বাবেই শ্ৰীৰামপুৰত বিগত ছদিন ধৰি শশ স্ক্রেপভৰ্তি ট্ৰাক আবদ্ধ কৰি ৰখা হৈছে ৷ কি অপৰাধত এইদৰে ট্ৰাক সমূহ আবদ্ধ কৰি ৰখা হৈছে সেইয়া এতিয়া লাখটকীয়া প্ৰশ্ন ৷






























