Swimmer Elvis Ali Hazarika:
বিশ্ববিশ্রুত ইংলিছ চেনেল পাৰ হোৱা প্ৰথমজন অসমীয়া হোৱাৰ গৌৰৱ অৰ্জন এলভিজ আলী হাজৰিকা ৷
আন্তৰাষ্ট্ৰীয় সাঁতোৰবিদ গৰাকীয়ে ৰিলে মোডত ১৩ ঘণ্টা সাঁতুৰি পাৰ হয় চেনেলটো ৷ ইতিমধ্যে হাজৰিকাৰ এই সফলতাক অভিনন্দন জনাইছে মুখ্যমন্ত্ৰীয়ে ৷
ADVERTISEMENT
এক বাৰ্তাত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয়, ৰিলে মোডত ইংলিছ চেনেল পাৰ হোৱাৰ সফলতা অর্জন কৰা প্ৰথমগৰাকী অসমীয়া এলভিছ আলী হাজৰিকালৈ আন্তৰিক অভিনন্দন । ১৩ ঘণ্টীয়া কঠিন অভিযানৰ অন্তত তেখেতে আটলাণ্টিক মহাসাগৰৰ ১৪ সংখ্যক সাঁতোৰ অভিযান পূৰ্ণ কৰে আৰু এয়া অসম তথা দেশৰ বাবে এক গৌৰৱৰ ক্ষণ ৷






























