CM Pressmeet:
মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্য বৃহস্পতিবাৰে লোকসেৱা ভৱনত অনুষ্ঠিত হয় অসম কেবিনেট বৈঠক ৷ বৈঠকৰ অন্তত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে সদৰি কেবিনেটৰ সিদ্ধান্ত সমূহ ৷
মুখ্যমন্ত্ৰীয়ে কয়,২০২১ৰ পৰা বিশ্ববিদ্যালয়ত গৱেষণা কৰা গৱেষকসকলে লাভ কৰিব মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি ৷ এই আঁচনিৰ অধীনত ২৫ হাজাৰ টকাকৈ এককালীন সাহার্য লাভ কৰাৰ বিপৰীতে দিব্যাংগ গৱেষক সকলে লাভ কৰিব ৪০ হাজাৰ টকাকৈ ৷
আনহাতে শেহতীয়াকৈ জ্যোচিতা দাস নামৰ সহকাৰী অভিযন্তা গৰাকীয়ে চৰম পন্থা গ্ৰহণ কৰাৰ পিচত চৰকাৰে বিষয়টো ইতিমধ্যে অতি গুৰুতৰভাৱে লৈ গঠন কৰিছিল এছআইটি টিম ৷ এনে ঘটনাক্ৰমৰ মাজতে জ্যোচিতা দাস আত্মহননৰ ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইলৈ হস্তান্তৰ সিদ্ধান্ত লয় কেবিনেটে ৷
মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,গুৱাহাটী মহানগৰীৰ পাহাৰ আৰু জলাশয়ত বেদখলকাৰীয়ে ঘৰ- দুৱাৰ বান্ধি গুৱাহাটী ভৌগোলিক পৰিবেশ সলনি কৰাৰ প্ৰয়াস কৰিছে । যাৰবাবে অচিৰেই মহানগৰীতো চলিব উচ্ছেদ ৷ অৱশ্যে খিলঞ্জীয়াক উচ্ছেদ চলোৱা নহয়৷ ইয়াৰ বাবে খিলঞ্জীয়া লোকসকল শংকিত হ’ব নালাগে ৷পাহাৰ-ভৈয়ামত বিগত তিনিটা প্ৰজন্ম ধৰি বসবাস কৰা লোকসকলক বসুন্ধৰা-৩ৰ অধীনত দিয়া হ’ব পট্টা ৷ সেইয়া যি সম্প্ৰদায়ৰে নহওক কিয় সকলোৱে পাব পট্টা।
মুখ্যমন্ত্ৰী আৰু কয় যে,টিৰাপ ট্ৰাইবেল ব্লক এণ্ড ব্লেটত অতীজৰে পৰা বসবাস কৰি থকা মটক,আহোম,চুতীয়া,কোঁচ- ৰাজবংশী,গোৰ্খা,চাহজনগোষ্ঠীয় লোক সকলক সংৰক্ষিত শ্ৰেণী হিচাপে ঘোষণা কৰি কেবিনেটে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷তেওঁলোকে তাত মাটিও ক্ৰয়- বিক্ৰৰ কৰিব পাৰিব ।
দক্ষিণগাৱঁত অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত চিকিৎসাধীন অৱস্থাত এজনে তৰুণ যুৱকে মৃত্যুক সাবটি লোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়,ইতিমধ্যে এই দুৰ্ঘটনাৰ সম্পৰ্কত সঠিকভাৱে আগবাঢ়িছে আৰক্ষীৰ তদন্ত। প্রথম দিনতে গ্ৰেপ্তাৰ কৰিলে জামিনত মুকলি হ’লহেতেন নন্দিনী ৷ কিন্ত কৌশলগত কাৰণত আৰক্ষীয়ে অপেক্ষা কৰিছিল ৷
কাৰণ আঘাতপ্রাপ্ত যুৱকজন সংকটজনক বুলি জানিছিল আৰক্ষীয়ে ৷ এতিয়া সম্ভাৱনাময় তৰুণ যুৱকজনৰ মৃত্যুৰ পিছত এই ঘটনা হত্যাৰ ঘটনা হিচাপে বিবেচিত হৈছে ৷ যাৰবাবে ইতিমধ্যে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ লগতে বাহন খন জব্দ কৰি ফৰেনছিক পৰীক্ষা কৰিছে ৷ আইনে আইনৰ পথ ল’ব ৷ আৰক্ষীয়ে দোষীক কঠোৰ শাস্তিৰ বাবে যথা সময়ত আদালতত দাখিল কৰিব চাৰ্ছশ্বীট ৷
আনহাতে মিঞালেণ্ড দাবী একাংশ লোকে কৰি থকা বুলি সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰীয়ে কয়,মিঞালেণ্ড হ’ব পাৰে ৷ কিন্ত অসমত নহয়, বাংলাদেশত হ’ব পাৰে ৷ আমি সহায় কৰি দিম, মাটিৰ অভাৱ হ’লে আফগানিস্তানত হ’ব মিঞালেণ্ড ৷
অপাৰেচন সিন্দুৰ সন্দৰ্ভত লোকসভাত গৌৰৱ গগৈয়ে কেতবোৰ বক্তব্য উপস্থাপন কৰাক লৈ মুখ্যমন্ত্ৰীয়ে কয়,যোৰহাটৰ সাংসদজন পাকিস্তানৰ হিৰ’ হোৱাটো আমাৰ বাবে লাজৰ কথা | ভাৰতৰ বিৰুদ্ধে সংসদত কথা কয় গৌৰৱ গগৈয়ে | ভাৰতৰ প্ৰতি দায়বদ্ধতা নাই সাংসদজনৰ ৷ পাকিস্তানী মিডিয়াৰ পোষ্টাৰ বয় বুলি কটাক্ষ কৰে গৌৰৱ গগৈক ৷ গগৈৰ পাকিস্তান প্ৰীতিৰ সবিশেষ দস্তাবেজ ফাদিল কৰা হ’ব ১০ ছেপ্তেম্বৰত ৷ এছ আই টিয়ে সমস্ত তথ্য একত্ৰিত কৰিছে ৷






























