Mallikarjun Kharge:✒️ৰাজ্যসভাৰ উপ অধ্যক্ষ হৰিৱংশ সিঙৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰে বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গে । মঙলবাৰৰ অধিৱেশনৰ সময়ত কঠোৰ সুৰত উপ অধ্যক্ষক তেওঁৰ প্ৰশ্ন ,’সংসদ আপুনি চলাই আছে নে অমিত শ্বাহে?’বিৰোধী নেতাৰ এই প্ৰশ্নৰ পাছতে সংসদত তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়।
মঙলবাৰৰ সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ পাছতে ‘বিশেষ তীব্ৰ সংশোধনী’ (SIR) বিষয়ক লৈ সংসদত বিশৃংখলতাৰ সৃষ্টি হয়। পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিল যে দুপৰীয়া দুই বজালৈ স্থগিত ৰাখিব লগা হ’ল।
বিৰোধীয়ে SIR বন্ধ কৰিবলৈ দাবী জনায়। যদিও ৰাজ্যসভাই সেই দাবীক কোনো গুৰুত্ব নিদিলে। ৰাজ্যসভাত চিআইএছএফক নিয়োগ কৰাক লৈও উত্তপ্ত হৈ পৰে সংসদ।
এনে পৰিস্থিতিত ক্ষুব্ধ খাৰ্গে উপাধ্যক্ষক উদ্দেশ্যি কয়,আমাৰ পুৰণি নেতাসকলেও মানি লৈছে যে বিশৃংখলতা গণতন্ত্ৰৰ এটা অংশ। কিন্তু আজি মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছো, কোনে এই সংসদ চলাইছে? আপুনি নে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে?”
ইয়াৰ উত্তৰত সিঙে কয়, “আপোনাৰ মন্তব্য ভিত্তিহীন আৰু মিছা। এনে মন্তব্যই গণতান্ত্ৰিক প্ৰক্ৰিয়াক দুৰ্নীতিগ্ৰস্ত কৰে।”
উল্লেখ্য যে,বিহাৰত বিধানসভা নিৰ্বাচনৰ পূৰ্বে SIR মুকলি কৰা হৈছিল। যাৰ বাবে ইতিমধ্যে প্ৰায় ৬০ লাখ লোকৰ নাম বাদ দিয়া হৈছে।
এই ঘটনাক লৈ নিৰ্বাচন আয়োগৰ ওপৰত অত্যন্ত ক্ষুব্ধ হৈ পৰিছে বিৰোধী শিবিৰ।সেই বিষয়ত বিতৰ্কৰ মাজতে বিৰোধীয়ে আজি ৰাজ্যসভাত চিআইএছএফ নিয়োগ কৰাৰ বিষয়টো উত্থাপন কৰে।
ইয়াৰ পূৰ্বে খাৰ্গে উপাধ্যক্ষলৈ পত্ৰ লিখি জনাইছে, বিৰোধী দলৰ প্ৰতিবাদৰ সময়ত চিআইএছএফক ওয়েলত প্ৰৱেশ কৰিবলৈ দিয়া হৈছিল।যি গণতন্ত্ৰৰ বিৰোধী।
মঙলবাৰে সংসদত যেতিয়া খাৰ্গে এই প্ৰশ্ন উত্থাপন কৰিছিল, তেতিয়া হৰিবংশে জনাই, “ৰাজ্যসভাৰ ভিতৰত কোনো চিআইএছএফৰ জোৱান নাছিল। ভিতৰত কেৱল মাৰ্শ্বালকহে প্ৰৱেশ কৰিবলৈ দিয়া হৈছে।”






























