Sonapur :
গুৱাহাটী মহানগৰীত সময়ে সময়ে খোৱাপানী যোগানৰ পানী পাইপ ফুটি ৰাইজক নগুৰ-নাগটি দেখুৱাই অহা সময়তে এইবাৰ অনুৰূপ ঘটনা সংঘটিত হ’ল মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ চামতাত। বিয়লি প্রায় দুই বজাত চামতাৰ চাৰি পথযুক্ত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা জলজীবন মিছনৰ পাইপ হঠাতে বিস্ফোৰণ ঘটি ফাটি যোৱাত অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।
উল্লেখ্য যে ৰাষ্ট্ৰীয় পথছোৱাৰ উজনিৰ পৰা মহানগৰীলৈ যোৱা পথছোৱাৰ ফালে সংঘটিত এই ঘটনা। ঘাইপথৰ দাঁতি তথা চামতা উচ্চ মাধ্যমিক বিদ্যালয়লৈ বুলি যোৱা পথছোৱাত থকা পানী যোগানৰ পাইপ বিস্ফোৰণ ঘটি হো-হোৱাই পানী ওলাবলৈ ধৰে। নিমিষতে এই পানীয়ে মহানগৰীলৈ বুলি যাতায়াত কৰা ঘাইপথছোৱাত জলমগ্ন কৰি তোলে।
ইয়াৰ মাজেৰেই মহানগৰীলৈ যোৱা যান-বাহনসমূহৰ যাতায়াত অব্যাহত আছে। অৱশ্যে পাছত বিভাগীয় বিষয়া-কর্মচাৰী ঘটনাস্থলীত উপস্থিত হয় আৰু পাইপ ঠিক কৰাত পানী নিষ্কাসন বন্ধ কৰিবলৈ সক্ষম হয়।
অৱশ্যে সৌভাগ্যক্রমে এই ঘটনাত কোনো বিশেষ ক্ষয়-ক্ষতি নহ’ল অথবা কোনো লোকৰ হানি-বিঘিনি ঘটাৰ পৰা ৰক্ষা পৰে যদিও ঘটনাটোৱে অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। ইফালে আগন্তুক দিনত যাতে এনেদৰে দুর্ঘটনা সংঘটিত নহয় তাৰ বাবে এই দিশত বিশেষ সতর্কতা অৱলম্বন কৰিবলৈ স্থানীয় সচেতন ৰাইজে বিভাগীয় কর্তৃপক্ষক আহ্বান জনাইছে।






























