Youtuber Arrested in Mikirbheta:
অসমীয়া জাতিক উদ্দেশ্যি অশ্লীল মন্তব্য কৰা মিকিৰভেটাৰ তথাকথিত ইউটিউবাৰ চুমি আখতাৰত গ্ৰেপ্তাৰ মৰিগাঁৱৰ মিকিৰভেটা আৰক্ষীৰ ৷ আটকাধীন আখতাৰে মিঞা শব্দ ব্যৱহাৰক লৈ ছ’চিয়েল মেডিয়াত অসমীয়া জাতিক মেটেকাৰে তুলনা কৰি অশ্লীল মন্তব্য প্ৰকাশ কৰিছিল ৷
ADVERTISEMENT
অসমীয়া জাতিক উদ্দেশ্যি চুড়ান্ত গালি-গালাজ আৰু অসভ্যালিক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হয়। আনকি ইউটিউবাৰ গৰাকীৰ গ্ৰেপ্তাৰৰ দাবীত সৰৱ হৈ পৰে মিকিৰভেটাৰ ৰাইজ ৷ অৱশেষত তথাকথিত ইউটিউবাৰ চুমি আখতাৰত আজি গ্ৰেপ্তাৰ কৰে মিকিৰভেটা আৰক্ষীয়ে।






























