Guwahati LCB College:
মহানগৰীৰ শান্তিপুৰস্থ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ত সোমবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ অধ্যক্ষ অমৰেন্দ্ৰ কলিতাৰ বিৰুদ্ধে ছাত্ৰ একতা সভাৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীয়ে অধ্যক্ষৰ কাৰ্যালয়ৰ সন্মুখতে অৱস্থান কৰি হাতত প্লেকাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে । অৱশ্যে পিছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷
আনহাতে ছাত্ৰ- ছাত্ৰীৰ এই প্ৰতিবাদৰ মাজতে অধ্যক্ষ ড:অমৰেন্দ্ৰ কলিতাই ছ’চিয়েল মেডিয়াত উল্লেখ কৰে AASU, ABSU, ABVP, DYFI যিয়েই নকৰক মোৰ কলেজত ছাত্র হিচাপে ক্লাছ কৰিবই লাগিব। ভালকৈ পঢ়িবই লাগিব তাৰ কোনো গত্যন্তৰ নাই। ইলেকচনত জিককেই বা হাৰকে কথা একেটাই, ক্লাছ কৰিবই লাগিব।… বেছি কৰি লাভ নাই মোৰ কলেজৰ ভিতৰত কোনো ধৰ্ম আৰু ৰাজনীতি নচলে, চলিব নোৱাৰে”৷






























