Jal Jeevan Mission:✒️অসম চৰকাৰৰ লজ্জাজনক ব্যৰ্থতাৰ বাবেই ৰাজ্যত কেন্দ্ৰৰ ধ্বজাবাহী আঁচনি জল জীৱন মিছন ধোঁৱাচাঙত উঠিছে। কার্যতঃ আঁচনিখন বগা হাতীত পৰিণত হোৱা বাবেই অসমসহ নির্দিষ্ট পাঁচখন ৰাজ্যক কেন্দ্ৰই কঠোৰভাৱে সকীয়াই দিবলৈ বাধ্য হৈছে।
কমিছনৰাজ, দালালৰাজে অসমত কোঙা কৰি পেলোৱা জল জীৱন মিছনৰ ঠিকাদাৰসকলেও ডেৰ বছৰে প্ৰাপ্য ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াকে লৈ সৃষ্টি হোৱা ক্ষোভ-প্রতিক্রিয়া, একাংশ সাধাৰণ ঠিকাদাৰৰ পানীত হাঁহ নচৰা অৱস্থা হোৱা বাবেই চৰকাৰে তেওঁলোকৰে ‘পাৰফর্মেন্স গেৰাণ্টী’ৰ ধন ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছিল।
যোৱা ৩১ জুলাইৰ ৰাজ্যিক কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হৈছিল; কিন্তু আজিলৈকে ঠিকাদাৰে সেই ধন পাবলৈ সক্ষম হোৱা নাই। ইয়াৰ মূল কাৰণ হ’ল সিদ্ধান্তৰ বিপৰীতে চৰকাৰৰ কাৰ্যব্যৱস্থাৰ অভাৱ। অভিযোগ অনুসৰি, দিছপুৰত ইটো বিভাগৰ ধন সিটোত, ইখন আঁচনিৰ ধন সিখনত, নানান কৌশলৰে ব্যয় চলি আহিছে।
জল জীৱনৰ ক্ষেত্ৰতো তেনে হোৱা বুলি অভিযোগ উঠিছে। প্রায় ১৫০০ কোটি টকা পাৰফর্মেন্স গেৰাণ্টীৰ ধন চৰকাৰে আদায় দিব লাগিব। এই বৃহৎ ৰাশিৰ ধন আদায় দিয়াটো চৰকাৰৰ বাবে এক হিচাপ নিমিলা অংক হৈ আছে।
ফলস্বৰূপে কেবিনেটৰ সিদ্ধান্তৰ পাছত জনস্বাস্থ্য কাৰিকৰী বিভাগত বিষয়টো আগবঢ়া নাই। তাৰ পৰিণতিত সেই ধন তাৎক্ষণিকভারে মোকলাই দিয়াৰ ঘোষণাৰ পাছতো ঠিকাদাৰক আদায় দিয়া পর্যায়লৈ অহা নাই। ঠিকা আদায়ৰ সময়তে পাঁচৰ পৰা ১০ শতাংশ কমিছন আদায় কৰি বিভাগীয় বৰমূৰীয়াসকলে এতিয়া মূৰ পোলোকা মাৰিছে।
ইপিনে, মাহৰ পাছত মাহ প্রাপ্য ধন আদায় নিদিয়াৰ বাবে জল জীৱনৰ ঠিকাদাৰসকলে প্রতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। ইয়াৰ বিপৰীতে বিভাগীয় সূত্রই ‘দৈনিক অগ্রদূত’ক জনায় যে ঠিকাদাৰে প্ৰতিবাদ কৰিলেও ধন আদায়ৰ কোনো প্রক্রিয়া বৰ্তমান আৰম্ভ হোৱা নাই। বৰঞ্চ প্ৰক্ৰিয়াটো এটা জটিল স্তৰতহে আছে। কাৰণ কেন্দ্ৰই ধন দিয়া নাই। সম্পূর্ণৰূপে কেন্দ্রীয় আঁচনি জল জীৱনৰ অসমৰ ৰূপায়ণ ব্যৱস্থাক লৈ দিল্লী অসন্তুষ্ট।






























