Daily Horoscope:✒️মেষ: সকলো দিশতেই উদাৰতা আৰু সংযম ৰক্ষা পৰিব। হনুমানক পূজা কৰক। পানীৰ পৰা সাৱধান। ভ্রমণত শুভ। শুভ ৰং কমলা। শুভ সংখ্যা ৫।
বৃষ: আর্থিকত লাভ বৃদ্ধি। ধৈর্য্য, সাহসী আৰু মেধাৱী দিশ প্ৰকাশ পাব। কর্মসংস্থাপনৰ বাট মুকলি হ’ব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ২।
মিথুন: কর্মস্থানত শুভ। খৰচ বৃদ্ধি। প্ৰেমত শুভ। মনৰ অস্থিৰতা বৃদ্ধি, ঘৰুৱা চিন্তা বৃদ্ধি। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৬।
কর্কট: ধৈৰ্য্যৰ সুফল পাব। কোনো আত্মীয়ৰ পৰা সু-সংবাদ পাব। প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্যত উপকৃত হ’ব। শুভ ৰং হালধীয়া। শুভসংখ্যা ১।
সিংহ: আর্থিকত নতুন সুযোগৰ আশা। শৰীৰৰ প্ৰতি যত্ন লওক। গণেশক মিঠাই দি পূজা কৰিব। বন্ধুৰ পৰা উপকৃত হ’ব। শুভ ৰং ৰঙা। শুভসংখ্যা ৫।
কন্যা: দূৰ ভ্ৰমণৰ যোগ। সু-সংবাদ লাভ কৰিব। কর্মস্থান মাধ্যম। বঞ্চিত কামত অগ্রগতি বৃদ্ধি, সেউজীয়া শুভ ৰং। শুভ সংখ্যা ৮।
তুলা: শৰীৰিক উন্নতি। যোগ্য ব্যক্তিৰ মান-সম্মান বৃদ্ধি। ৰাজহুৱা কামত ব্যস্ততা বৃদ্ধি। কর্মক্ষেত্ৰত মাধ্যম। শুভ ৰং বগা। শুভ সংখ্যা ৭।
বৃশ্চিক: কর্মস্থানত শুভ। পাৰিবাৰিক কিছু সমস্যা থাকিব। বিদ্যাত মাধ্যম ফল পাব, আর্থিকত ব্যয় বৃদ্ধি। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৩।
ধনু: ব্যৱসায়ীসকলৰ শুভ। পাৰিবাৰিক দুৰ্ভাৱনা থাকিব পাৰে। আজি নিৰামিষ আহাৰ গ্ৰহণ কৰিব। ভ্রমণত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ২।
মকৰ: মানসিক বা অযথা চিন্তাই মনৰ অশান্তি বৃদ্ধি কৰিব। কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি। ব্যৱসায়-বাণিজ্যত মাধ্যম। বেঙুনীয়া শুভ ৰং। শুভসংখ্যা ৯।
কুম্ভ: হঠাৎ অর্থলাভ কৰিব পাৰে। বন্ধুৰ পৰা উৎসাহ পাব। দাম্পত্যত বুজা-বুজিৰ অভাৱ হ’ব। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৪। বিদ্যাত শুভ।
মীন: ব্যৱসায়ত শুভ। ঘৰুৱা কাম-কাজৰ লগতে নতুন চিন্তাত সুফল পাব। প্রেমত শুভ। শৰীৰৰ প্ৰতি যত্ন লওক। শুভ ৰং কমলা। শুভসংখ্যা ৬।































