AmitabhBachchan:দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: বহু বছৰ ধৰিয়ে ‘কৌন বনেগা ক্রোড়পতি’ৰ সঞ্চালনাৰ দায়িত্বত আছে অমিতাভ বচ্চন। অৱশ্যে সেই ৰিয়েলিটী শ্ব’ যেন কেৱল প্রশ্ন-উত্তৰ আৰু পুৰস্কাৰৰ ধনৰ মাজতে সীমাবদ্ধ নহয়, সম্প্রতি নিজৰ ব্লগত সেই কথাই জনালে প্রবীণ অভিনেতাজনে।
বিগ-বিৰ মতে, তেওঁ আৰু এই অনুষ্ঠানৰ ভাৰ বহন কৰিব নোৱৰা হৈ আহিছে, দিনে দিনে সকলোবোৰ কঠিন হৈ পৰিছে।
‘কৌন বনেগা ক্রোড়পতি’ৰ হট ছিটত বহি অনেক প্রতিযোগীয়ে প্রায়েই তেওঁলোকৰ জীৱনৰ সংগ্রাম, কঠিন পৰিস্থিতি আৰু ঘূৰি থিয় দিয়াৰ কাহিনী শুনায়। তেওঁলোকৰ বহুতৰে কাহিনীয়ে অমিতাভক আবেগপ্ৰৱণ কৰি তোলে। নিজৰ ব্লগত সঞ্চালনাৰ কথা জনাইছে বলিউদৰ শ্বাহেনশ্বাহে।
অমিতাভৰ বক্তব্য,কিছু প্রতিযোগীয়ে এনে গুৰুতৰ তথা কঠিন ব্যক্তিগত অভিজ্ঞতাৰ কথা জনাইছে যে আবেগক চম্ভালি অনুষ্ঠান সঞ্চালনা কৰাই তেওঁৰ পক্ষে কঠিন হৈ পৰে। এই অভিজ্ঞতা তেওঁৰ বাবে ‘হৃদয়বিদাৰক’ বুলিও অমিতাভে জনাইছে।
এনে কিছু কাহিনী আছে, যাক তেওঁ বিস্তাৰিতভাৱে পোহৰলৈ আনিব নিবিচাৰে। অমিতাভে জনাইছে যে প্রতিযোগীসকলৰ জীৱনৰ বহু ঘটনা শুনি মন বেয়া হৈ পৰে। নিজৰ ব্লগত অমিতাভে লিখিছে, ‘কিছু প্রতিযোগীয়ে এনে কিছুমান গুৰুতৰ ব্যক্তিগত কাহিনী লৈ আহে যে তেওঁলোকৰ বাবে মোৰ অনুভূতি চম্ভালি ৰখাটোৱেই কঠিন হৈ পৰে। সমান্তৰালকৈ অনুষ্ঠান সঞ্চালনাৰ কাম চলাই যোৱাও কঠিন হৈ পৰে। ইয়াক লৈ আৰু বেছি একো নকওঁ। তথাপি এয়া সঁচাকৈয়ে হৃদয়বিদাৰক অভিজ্ঞতা। এতিয়া অৱসৰ ল’বলৈকে ইচ্ছা হৈছে।’
































