WorkersRights : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মৰিয়নি পৌৰসভাৰ চাফাই কৰ্মীসকলৰ চাকৰি স্থায়ীকৰণ আৰু তেওঁলোকৰ মজুৰি বৃদ্ধিৰ দাবীত চাফাই কর্মীসকলে এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে। কালি বিয়লি পৌৰসভাৰ চাফাই কর্মীসকলে পৌৰসভা কাৰ্যালয়ৰ সন্মুখত ধর্ণা কাৰ্যসূচী ৰপায়ণ কৰে।
চাফাই কর্মীসকলে ধর্ণা কার্যসূচীৰ সময়ত বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে। এই ধৰ্ণাৰ জৰিয়তে তেওঁলোকৰ মজুৰি বৃদ্ধি কৰাৰ লগতে চাকৰি নিয়মীয়াকৰণৰ বাবে দাবী জনায়।
এই সন্দৰ্ভত চাফাই কর্মীসকলে জানিবলৈ দিয়া মতে, মৰিয়নি পৌৰসভাত প্রায় ৪০ জন পুৰুষ-মহিলা চাফাই কর্মী আছে। তেওঁলোকে পৌৰসভাৰ অধীনত দীর্ঘদিন ধৰি চাফাই কাম কৰি অহাৰ পাছতো সেইসকল কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ কৰা নহ’ল।
তদুপৰি অতি কম মজুৰিত চাফাই কর্মীসকলে কাম কৰিবলগীয়া হৈছে। সেয়েহে চাফাই কৰ্মীসকলৰ মজুৰি বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ চাকৰি স্থায়ী কৰিবলৈ চৰকাৰৰ প্ৰতি দাবী জনোৱা হৈছে। আনহাতে মৰিয়নি ৰেলৱে ষ্টেচনৰ উন্নীতকৰণৰ বাবে হৰিজন কলোনী উচ্ছেদ কৰাৰ ফলত মৰিয়নি পৌৰসভাৰ চাফাই কর্মীসকলো উচ্ছেদিত হ’বলগা হৈছে।
এতিয়া পৌৰসভাৰ চাফাই কৰ্মীসকলৰ বাবে বাসোপযোগী এডোখৰ স্থান নির্ণিত কৰি দিবলৈও পৌৰসভাক চাফাই কর্মীসকলে দাবী জনাই আহিছে।
কিন্তু পৌৰসভাই এই ক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ নাই কৰা বুলি অভিযোগ উত্থাপন কৰি পৌৰসভাই শীঘ্ৰেই এই ক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিব লাগে বুলিও চাফাই কর্মীসকলে দাবী জনায়। ইয়াৰ পূৰ্বে সোমবাৰে পুৱাৰ ভাগত চাফাই কর্মীসকলে নিয়মীয়াকৈ নগৰখনৰ চাফাইৰ কাম কৰে আৰু বিয়লিহে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।































