CinemaHall : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : হায়দৰাবাদৰ এখন চিনেমা হলত ছবিখনৰ পূৰ্বে দীঘলীয়া বিজ্ঞাপন প্রদর্শনৰ বাবে পৰিণতিৰ সন্মুখীন হ’বলগীয়া হৈছে। হায়দৰাবাদৰ এটা গ্রাহক আয়োগে ব্যৱসায়িক বিজ্ঞাপন আৰু প্ৰচাৰমূলক বিষয়বস্তুৰ বাবে চিনেমা প্রদর্শনত পলম হোৱাৰ বাবে থিয়েটাৰখনক ৭৫ হেজাৰ টকা জৰিমনা বিহিলে।
২০২৫ ৰ ২০ জুনৰ এই কাণ্ড। ধনুষ আৰু নাগার্জুনে অভিনীত কুবেৰা চিনেমাখনৰ নিশা ১০:৩৫ বজাত শ্ব’ৰ টিকট বুকিং কৰিছিল এজন ৩৩ বছৰীয়া যুৱকে নিজৰ আৰু এজন বন্ধুৰ বাবে। নিশা ১০:৩০ বজাৰ ভিতৰত দুয়োজন দর্শকে থিয়েটাৰত উপস্থিত হয়। কিন্তু নিৰ্ধাৰিত সময় পাৰ হোৱাৰ পিছতো নিশা ১০:৫২ বজালৈকে কেৱল বিজ্ঞাপনহে বাজি থাকিল।
অভিযোগকাৰীয়ে কয় যে এই পলমে তেওঁৰ সমগ্র সময়সূচীত ব্যাঘাত জন্মাইছিল, যাৰ ফলত তেওঁ পুৱা ৩ বজাত ঘৰ পালেহি আশা কৰাতকৈ এঘণ্টা পিছত সেৱাৰ অভাৱৰ উল্লেখ কৰি ক্ষতিগ্রস্ত ব্যক্তিজনে গ্রাহক আয়োগৰ কাষ চাপে।
জিলা গ্রাহক বিবাদ নিৰাময় আয়োগে ২০২৬ ৰ ১১ ছেপ্টেম্বৰত এই গোচৰৰ শুনানি গ্রহণ কৰি অভিযোগকাৰীৰ সপক্ষে ৰায় দিয়ে। আয়োগে ৰায় দিছিল যে চিনেমা হলটোৱে ব্যৱসায়িক লাভৰ বাবে দৰ্শকৰ সময় নষ্ট কৰিলে, যিটোৱে এক অন্যায় বাণিজ্যিক প্ৰথাৰ ৰূপ ধাৰণ কৰে। এই বিষয়ত গ্রাহক আয়োগে চিনেমা হলটোৰ ওপৰত মুঠ ৭৫,০০০ টকা জৰিমনা বিহিলে।































