Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: মানসিক প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ সফলতাৰ যোগ। হাতলৈ টকা-পইচা আহিব যদিও খৰচ বাঢ়িব। ঘৰলৈ সুখ আহিব। স্বাস্থ্যৰ উন্নতি হ’ব পাৰে। শুভ ৰং নীলা, শুভ সংখ্যা ২।
বৃষ: কর্মস্থানত বিশেষ জটিলতা দেখা নাযায়। আর্থিকত বিশেষ সমস্যা নহ’লেও খৰচ ৰোধ কৰাটো টান হ’ব। ব্যৱসায়ত ব্যস্ততা থাকিব। শুভৰং বগা, শুভ সংখ্যা ৩।
মিথুন: কিছু উদ্বিগ্নতা। দুদিনৰ পাছত ধীৰে ধীৰে উন্নত। প্রিয় বন্ধু-বান্ধৱৰ লগত সুখ। শৰীৰ সম্পৰ্কীয় ভাবনা থাকিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫।
কর্কট: আর্থিক সম্পৰ্কীয় কোনো সমস্যাৰ হয়তো কিবা সিদ্ধান্ত হ’ব পাৰে। ব্যৱসায়িক উন্নতিৰ কাৰণে কৰ্মস্থানত ব্যস্ততাৰ সুফল। পাৰিবাৰিক অস্থিৰতা থাকিব। শুভ ৰং ক’লা, শুভ সংখ্যা ২।
সিংহ: শাৰীৰিক আৰু মানসিক উদ্বেগ এৰাৰ পৰা টান হ’ব। উৎপাদিত সামগ্ৰীৰ কিছু লোকচান। নিবনুৱাৰ আশাপূর্ণ সংযোগ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৭।
কন্যা: কর্মস্থানত আপোনাৰ যোগ্যতা প্রতিপন্ন হ’ব। কোন চেষ্টাকাৰীয়ে নতুন সংস্থাপনৰ বাবে আশা কৰিব পাৰে। ঘৰুৱাত বিশেষ সমস্যা নাই। শুভ ৰং কমলা, শুভ সংখ্যা ৫।
তুলা: মানসিক উদ্বেগ আদিত ভুগিব পাৰে। ভাই-ভনীৰ বাবে দুশ্চিন্তা আঁতৰিব। শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ৪।
বৃশ্চিক: দিনটোত কোনো কাৰণত শুভ বুদ্ধিৰ উদয় হ’ব। সন্তানৰ বাবে দায়িত্ব বৃদ্ধি পাব। পঢ়া-শুনাত বেয়া ফল দেখা নাযায়। বৈবাহিক জীৱনত মত বিৰোধ। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮।
ধনু: কোনো আৱেগ সংকুল কথাত যাতে মন বিমর্ষিত হ’ব নালাগে। সাৱধান হওক। স্বব্যৱসায় আদি নিৰাশ হ’ব নালাগিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৭।
মকৰ: কৰ্মস্থানত নিজৰ মতাবাদৰ ওপৰত প্রাধান্য দিয়ক। আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। মামলা-মোকদমাত জড়িত হ’ব পাৰে। শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ৪।
কুম্ভ: আর্থিক উন্নতিৰ বাবে পথ মুকলি হ’ব পাৰে। শিল্পকলা, চিত্রকলা আদিত দক্ষতা দেখুৱাব পাৰিব। বিদ্যা লাভ। কর্মযোগ তথা আর্থিক ক্ষেত্ৰত শুভ। শুভ ৰং ক্রীম, শুভ সংখ্যা ৯।
মীন: আজিৰ দিনটো দুই-এটা নিদারুণ সংযোগ বা সমস্যাৰ উন্নতি দেখিব। কিছুমান নিশ্চিত কথাৰ আশাত নিজে মন কৰা আঁচনিত খ্যাতি লাভ কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ৫।
































